হ'ম কোৱাৰেণ্টিনত থকাৰ সময়তে বকলীয়াঘাটৰ ব্যক্তিৰ মৃত্যু

অৱশ্যে তেওঁৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷
হ'ম কোৱাৰেণ্টিনত থকাৰ সময়তে বকলীয়াঘাটৰ ব্যক্তিৰ মৃত্যু

হ'ম কোৱাৰেণ্টিনত থকাৰ সময়তে বকলীয়াঘাটৰ ব্যক্তিৰ মৃত্যু

গৃহ একাষৰীয়াকৰণ(হ'ম কোৱাৰেণ্টিন)-ত থকা অৱস্থাতে কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত মৃত্যুমুখত পৰিছে এজন ব্যক্তি ৷ চৰকাৰী তথ্য অনুসৰি আজি এই ব্যক্তিজনৰ মৃত্যু হয় ৷ অৱশ্যে তেওঁৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷ এক সূত্ৰই জানিবলৈ দিয়া মতে, বকলীয়াঘাটৰ অৰুণ কাকতি নামৰ এই লোকজনক আনুষ্ঠানিক কোৱাৰেণ্টিন কৰা হৈছিল। সাতদিন আনুষ্ঠানিক কোৱাৰেণ্টিনত ৰখাৰ পাছত তেওঁক হ'ম কোৱাৰেণ্টিনলৈ প্ৰেৰণ কৰা হয়। আনুষ্ঠানিক কোৱাৰেণ্টিনত থকাৰ সময়ত তেওঁৰ ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ ফলাফল নিগেটিভ ওলাইছিল ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com