অসমঃ নগাঁও হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত গ্ৰেপ্তাৰ

ৰুবি দত্ত বুলি চিনাক্ত কৰা মহিলাগৰাকীক হত্যাকাৰীয়ে এখন দাৰে কাটি হত্যা কৰিছিল।
অসমঃ নগাঁও হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত গ্ৰেপ্তাৰ

নগাঁওঃ নগাঁও আৰক্ষীয়ে দেওবাৰে নগাঁৱৰ হৰিজন কলনীৰ পৰা এগৰাকী মহিলাৰ হত্যাকাণ্ডৰ ঘটনাত মুখ্য অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক সুব্ৰত মজুমদাৰ বুলি চিনাক্ত কৰা হৈছে।

দেওবাৰে, এগৰাকী মহিলা যাক পিছত ৰুবি দত্ত বুলি চিনাক্ত কৰা হৈছিল, মহিলাগৰাকীক নিজৰ ঘৰত দাৰে বাৰে বাৰে ঘপিয়াই হত্যা কৰা হৈছিল ।

পিছত মহিলাগৰাকীৰ মৃতদেহ  পুখুৰীত পোৱা যায়,  চুবুৰীয়াসকলে আৰক্ষীক ফোন কৰে।

মৃতকৰ স্বামী ঘৰত নথকা সময়ত ঘৰত প্ৰৱেশ কৰাৰ সুবিধা লৈছিল হত্যাকাৰীয়ে। ইয়াৰ পিছত আক্ৰমণৰ সময়ত মাকৰ সৈতে ফোনত কথা পাতি থকা দুৰ্ভগীয়া মহিলাগৰাকীৰ আক্ৰমন কৰে ।

ফোনত থকা মৃতকৰ মাকে এটা ডাঙৰ শব্দ শুনিলে, তাৰ পিছত নিজ ছোৱালীজনীৰ মাত শুনিবলৈ নাপাই লগে লগে ফোন কৰি চুবুৰীয়া কেইজনমানক সহায়ৰ বাবে অনুৰোধ কৰিলে যে, তাইৰ ছোৱালীজনী কিবা  বিপদত পৰিছে ।

ওচৰ-চুবুৰীয়াই ঘৰলৈ লৰালৰিকৈ আহিছিল যদিও বহুত দেৰি হৈছিল, কিয়নো তেওঁলোকে ৰুবী দত্তৰ ঘৰৰ মজিয়াত ৰক্তাক্ত মৃতদেহটো পাইছিল।

উল্লেখযোগ্য যে, অসমত ২০২১ চনত ১১৯২টা হত্যাকাণ্ড সংঘটিত হোৱাৰ বাবে হত্যাকাণ্ডৰ সংখ্যা বৃদ্ধি পোৱাৰ সাক্ষী হৈছে, ইয়াৰ পূৰ্বে ২০২০ চনত ১১৩১টা হত্যাকাণ্ড সংঘটিত হৈছিল।

ইয়াত এইটোও মন কৰিবলগীয়া যে, অসমতো নাৰী হত্যাৰ ঘটনাৰ হাৰ বৃদ্ধি পাইছে।

অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই এক বিবৃতিত কয় যে, 'হত্যাৰ গোচৰ বৃদ্ধি পোৱাৰ বিপৰীতে ২০২১ বৰ্ষত জানুৱাৰী-জুলাই সময়ছোৱাৰ পৰা আন সকলো ধৰণৰ অপৰাধ হ্ৰাস পাইছে।

ৰাজ্যত প্ৰতিদিনে ৩টাতকৈ অধিক হত্যাকাণ্ডৰ খবৰ পোৱাৰ লগে লগে অসম ক্ৰমান্বয়ে অপৰাধ প্ৰৱণ হৈ পৰিছে।

সূত্ৰ অনুসৰি, ৰাজ্যৰ গাঁও অঞ্চলৰ তুলনাত অসমৰ চহৰসমূহত অধিক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com