ক'ৰ'না মহামাৰীঃ অসমত আৰু চাৰিজন ব্যক্তিৰ মৃত্যু

ইয়াৰ লগে লগে ৰাজ্যত এই মহামাৰীত মৃতকৰ সংখ্যা ১০৯জনলৈ বৃদ্ধি পাইছে।
ক'ৰ'না মহামাৰীঃ অসমত আৰু চাৰিজন ব্যক্তিৰ মৃত্যু

ক'ৰ'না মহামাৰীয়ে ৰাজ্যত আৰু চাৰিজন ব্যক্তিৰ প্ৰাণ ল'লে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই চাৰি দুৰ্ভগীয়া হৈছে কামৰূপ মহানগৰৰ সুব্ৰত পাত্ৰ(৪৫), শিৱসাগৰৰ হৰেন মহন্ত(৬৫), তিনিচুকীয়াৰ সুকেন্দ্ৰ কুমাৰ তাঁতী( ৫৩) আৰু ডিব্ৰুগড়ৰ মদন দত্ত(৮০)।

ইয়াৰ লগে লগে ৰাজ্যত এই মহামাৰীত মৃতকৰ সংখ্যা ১০৯জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী শৰ্মাই মৃতকেইজনৰ পৰিয়াললৈ সমবেদনা জনাইছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com