ক'ৰ'নাঃ অসমত ডেৰ লক্ষৰ ঘৰক অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্যাই

ক'ৰ'নাঃ অসমত ডেৰ লক্ষৰ ঘৰক অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্যাই

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি ৰাজ্যত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১, ৫০, ৩৪৯জন ৷
Published on

অসমত অধিক ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৷ শেহতীয়া তথ্য অনুসৰি মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যাই ৰাজ্যত ডেৰ লক্ষৰ ঘৰক অতিক্ৰম কৰিছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১, ৫০, ৩৪৯জন ৷ যোৱা ২৪ ঘণ্টাত নতুনকৈ ১, ৩৮০জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়। যোৱা ২৪ঘণ্টাত মুঠ ২০, ৫৫৭টা ক'ৰ'না পৰীক্ষা সম্পন্ন কৰা হয় ৷ স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ মতে, বিশ্বকৰ্মা পূজাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষাৰ সংখ্যা তুলনামূলকভাবে হ্ৰাস পায় ৷

তেওঁ ক'ৰ'নাৰ মুক্ত হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাসকলক স্বাস্থ্যৰ যতন ল'বলৈ আহ্বান জনায় ৷ কাৰণ ক'ৰ'না মুক্ত হোৱাৰ পাছত কিছুসংখ্যকৰ ক্ষেত্ৰত আন গুৰুতৰ জটিলতাই দেখা দিছে। ইপিনে, ৰাজ্যত ক'ৰ'নাত মৃতকৰ সংখ্যাও উদ্বেগজনকভাবে বৃদ্ধি পাইছে ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বৰ্তমানলৈকে ৰাজ্যত মুঠ ৫২৮জন ক'ৰ'না আক্ৰান্তৰ মৃত্যু হৈছে ৷ যোৱা ২৪ঘণ্টাতে ১৭জন লোকৰ মৃত্যু হয়। কালি ২, ২৪৬জন ক'ৰ'না ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com