কৃষি বিধেয়কক লৈ হুলস্থুলঃ ৰিপুন বৰাসহ আঠ সাংসদক সদনৰ পৰা নিলম্বিত

বিধেয়ক দুখন ৰাজ্যসভাত উত্থাপনৰ সময়ত কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে
কৃষি বিধেয়কক লৈ হুলস্থুলঃ ৰিপুন বৰাসহ আঠ সাংসদক সদনৰ পৰা নিলম্বিত

বহুচৰ্চিত দুখন কৃষি বিধেয়কক লৈ সদনত সৃষ্টি কৰা হুলস্থুলীয়া পৰিৱেশৰ বাবে সদনৰ পৰা নিলম্বিত হ'ল অসমৰ ৰিপুন বৰাসহ ৰাজ্যসভাৰ আঠ বিৰোধী সাংসদ ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত এই আঠ সাংসদে চলিত গ্ৰীষ্মকালীন অধিৱেশনৰ বাকী থকা দিনকেইটাত সদনত উপস্থিত থাকিব নোৱাৰিব ৷ সদনৰ পৰা নিলম্বিত আন সাতগৰাকী সাংসদ হ'ল তৃণমূল কংগ্ৰেছৰ দোলা সেন, আম আদমী পাৰ্টীৰ সঞ্জয় সিং, কংগ্ৰেছৰ ৰাজীৱ সতৱ আৰু ছৈয়দ নাছিৰ হুছেইন, চি পি আই(এম)-ৰ কে কে ৰাগেশ আৰু ইলামাৰাম কৰিম ৷

উল্লেখ্য যে দেওবাৰে ৰাজ্যসভাত দুখন কৃষি বিধেয়ক গৃহীত হয় ৷ এই বিধেয়ক দুখন হৈছে কৃষকৰ উৎপাদন ব্যৱসায় আৰু বাণিজ্য( উন্নীতকৰণ আৰু সহজকৰণ), ২০২০ আৰু কৃষকসকল (সবলীকৰণ আৰু সুৰক্ষা), ২০২০বিধেয়ক ৷ সম্প্ৰতি এই বিধেয়ক দুখন স্বাক্ষৰৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ'ব ৷

আনহাতে, বিধেয়ক দুখন ৰাজ্যসভাত উত্থাপনৰ সময়ত কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ তৃণমূলৰ সাংসদসকলে সদনৰ অধ্যক্ষৰ মঞ্চত উঠি বিধেয়ক দুখনক লৈ আলোচনাৰ দাবী তুলি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ ইয়াক লৈ তীব্ৰ বেথাৰে অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱে কয় যে এই সাংসদসকলৰ আচৰণে তেওঁক গভীৰ পীড়া দিছে ৷  অৱশেষত অধ্যক্ষই সাংসদকেইজনক নিলম্বিত কৰে। এই সাংসদকেইজনক অধিৱেশনৰ বাকী থকা সময়ছোৱাৰ বাবে নিলম্বিত কৰা কাৰযক গৰিহণা দিছে সাংসদ গৌৰৱ গগৈয়ে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com