বিজেপিৰ ভোটবেংকৰ ৰাজনীতিৰ বাবে ব্যৰ্থ হৈছে এন আৰ চিঃ আছু

আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে অভিযোগ কৰে যে এন আৰ চিৰ ইতিবাচক ফল বৰ্তমানেও অসমৰ ৰাইজে পোৱা নাই।
বিজেপিৰ ভোটবেংকৰ ৰাজনীতিৰ বাবে ব্যৰ্থ হৈছে এন আৰ চিঃ আছু

বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভোটবেংকৰ ৰাজনীতিৰ বাবে এন আৰ চি প্ৰক্ৰিয়া ব্যৰ্থ হৈছে বুলি মন্তব্য কৰিছে সদৌ অসম ছাত্ৰ সন্থা(আছু)-ই। কালি চূড়ান্ত প্ৰকাশৰ এবছৰ পূৰ্তি উপলক্ষ্যে আছুৱে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হয় যে নাগৰিকত্ব(সংশোধনী)আইন অনাৰ স্বাৰ্থত বিজেপিয়ে এন আৰ চি প্ৰক্ৰিয়াটোত ব্যাঘাতৰ সৃষ্টি কৰিছে। আছুৱে লগতে অভিযোগ কৰে যে শাসনাধিষ্ঠিত দলে কা-জাপি দিব বিচাৰিছে ৷

"এন আৰ চি প্ৰকাশত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰশাসনিক জটিলতাৰ সৃষ্টি কৰাৰ অনেক উদাহৰণ আছে, " বিবৃতিটোত এইদৰে অভিযোগ কৰা হয়। আছুৰ সভাপতি দীপাংক কুমাৰ নাথ স্বাক্ষৰিত বিবৃতিটোত লগতে এইবুলিও অভিযোগ কৰা হয় যে চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছতো অনিশ্চয়তা বিৰাজ কৰি আছে৷ আনহাতে, আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে অভিযোগ কৰে যে এন আৰ চিৰ ইতিবাচক ফল বৰ্তমানেও অসমৰ ৰাইজে পোৱা নাই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com