ভ্ৰমণ ইতিহাস অবিহনে ক'ৰ'নাত আক্ৰান্ত হ'ল বিজেপি বিধায়ক কৃষেন্দু পাল

বিধায়কে পালে বিগত সময়ত ৰাজ্যৰ বাহিৰলৈ যোৱা নাছিল
ভ্ৰমণ ইতিহাস অবিহনে ক'ৰ'নাত আক্ৰান্ত হ'ল বিজেপি বিধায়ক কৃষেন্দু পাল

ভ্ৰমণ ইতিহাস অবিহনে অথবা ৰাজ্যৰ বাহিৰলৈ ফুৰিবলৈ নোযোৱাকৈয়ে ক'ৰ'না মহামাৰীত আক্ৰান্ত হ'ল ৰাজ্যৰ এজন বিধায়ক। প্ৰাপ্ত তথ্য অনুসৰি বৰাক উপত্যকাৰ পাথাৰকান্দিৰ বিজেপি বিধায়ক কৃষেন্দু পালৰ শৰীৰত ধৰা পৰিছে অতি সংক্ৰামক ক'ৰ'না ভাইৰাছ। সোমবাৰে তেওঁ ক'ৰ'নাত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হয়। তাৰ পাছতে তেওঁক কৰিমগঞ্জ অসামৰিক চিকিত্সালয়ত ভৰ্তি কৰা হয়। উল্লেখ্য যে বিধায়কে পালে বিগত সময়ত ৰাজ্যৰ বাহিৰলৈ যোৱা নাছিল। এনে অৱস্থাতো তেওঁ এই মহামাৰীত আক্ৰান্ত হোৱাটোৱে বহুতক হতভম্ব কৰিছে। অৱশ্যে শেহতীয়াভাবে গুৱাহাটীত ভ্ৰমণ ইতিহাস নথকা বহু লোক ক'ৰ'নাত আক্ৰান্ত হৈছে। ইয়ে এই ভাইৰাছৰ সামাজিক সংক্ৰমণ ঘটাৰ আশংকাও প্ৰকট কৰিছে। এনে পৰিস্থিতিত ৰাজ্যৰ বিভাগে ৫০ হেজাৰ নমুনা পৰীক্ষণৰ ব্যৱস্থা কৰিছে।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com