Begin typing your search above and press return to search.

ৰাজ্যৰ সাতখন জিলাত বানঃ গুৱাহাটীলৈও যিকোনো মূহূৰ্ততে বিপৰ্যয় নামি অহাৰ আশংকা

মাথোঁ ১৭৩ চেণ্টিমিটাৰ অতিক্ৰম কৰিলেই গুৱাহাটীত ব্ৰহ্মপুত্ৰই বিপদসীমা অতিক্ৰম কৰিব ৷

ৰাজ্যৰ সাতখন জিলাত বানঃ গুৱাহাটীলৈও যিকোনো মূহূৰ্ততে বিপৰ্যয় নামি অহাৰ আশংকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 May 2020 10:20 AM GMT

ৰাজ্যৰ সাতখন জিলাত বানঃ গুৱাহাটীলৈও যিকোনো মূহূৰ্ততে বিপৰ্যয় নামি অহাৰ আশংকা

ক'ৰ'না মহামাৰীৰ আতংকৰ মাজতে গুৱাহাটীলৈ যিকোনো মুহূৰ্ততে বিপৰ্যয় নামি অহাৰ আশংকা প্ৰকট হৈছে । কাৰণ ঘণ্টাত ৭.৮ চেণ্টিমিটাৰকৈ বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী ৷

উল্লেখ্য যে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বিপদসীমা ৪৬.৬৮০ মিটাৰ ৷ আৰু মাথোঁ ১৭৩ চেণ্টিমিটাৰ অতিক্ৰম কৰিলেই গুৱাহাটীত ব্ৰহ্মপুত্ৰই বিপদসীমা অতিক্ৰম কৰিব ৷

যোৱা ১৬ মে'ৰ পৰা বৃদ্ধি পাইছে বক্ষ্মপুত্ৰ জলস্তৰ ৷ এই গতিত বৃদ্ধি পাই থাকিলে গুৱাহাটী মহানগৰীলৈ যিকোনো মূহূৰ্ততে নামি আহিব পাৰে বিপৰ্যয়।

আনহাতে, বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি কাইলৈও অসমত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ফলত ৰাজ্যৰ বান পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যৰ কমেও সাতখন জিলাৰ বহু অঞ্চল বানত বুৰ গৈছে।

যেন প্ৰকৃতিৰ কোপদৃষ্টি পৰিছে মানুহৰ ওপৰত! ৰাজ্যত ক'ৰ'না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাবৰ সময়তে বানৰ তাণ্ডব আৰম্ভ হৈছে। জীয়াভৰলীকে ধৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ কেইবাখনো উপনৈয়ে ৰাজ্যৰ সাতখন জিলাত তাণ্ডব চলাবলৈ লৈছে। গোৱালপাৰা, ধেমাজি আদিৰ বহু অঞ্চল বানৰ কবলত পৰিছে ।

বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফুটুকাৰে বাঢ়ি অহা বিভিন্ন নৈৰ পানীয়ে চৌচিশে একপ্ৰকাৰ হাহাকাৰৰ সৃষ্টি কৰিছে। বাৰিষাৰ আৰম্ভণিতে অহা এই বানত ৰাজ্যৰ বিভিন্ন স্থানত ক্ষতিগ্ৰস্ত হৈছে লক্ষাধিক লোক। ইপিনে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বান পৰিস্থিতি তদাৰক কৰিবলৈ সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলক নিৰ্দেশ দিছে।

আৰু পঢ়িব পাৰেঃঅসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৬৮৬লৈ বৃদ্ধি, আৰু ৪ জন পজিটিভ চিনাক্ত

Next Story