চি.বি.এছ.ই ৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা , ৯৪.৪০% শিক্ষাৰ্থী উত্তীৰ্ণ

অৱশ্যে, সামগ্ৰিক উত্তীৰ্ণৰ শতাংশ সামান্য হ্ৰাস হৈছে কিয়নো আগৰ বছৰ উত্তীৰ্ণৰ শতাংশ ৯৯.০৪ শতাংশৰ আছিল। এই বছৰৰ উত্তীৰ্ণৰ শতাংশ হৈছে ৯৪.৪০।
চি.বি.এছ.ই ৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা , ৯৪.৪০% শিক্ষাৰ্থী উত্তীৰ্ণ
Published on

নতুন দিল্লীঃ শুক্ৰবাৰে দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰাৰ পিছতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদেও দশম শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে।

ছাত্ৰীসকলে দশম শ্ৰেণীৰ পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিছে আৰু লগতে ছাত্ৰীৰ উত্তীৰ্ণৰ শতাংশ হৈছে ৯৫.২১ শতাংশ। আনহাতে, ছাত্ৰৰ উত্তীৰ্ণৰ শতাংশ হৈছে ৯৩.৮০ শতাংশ।

অৱশ্যে, সামগ্ৰিক উত্তীৰ্ণৰ শতাংশ সামান্য হ্ৰাস হৈছে কিয়নো আগৰ বছৰ উত্তীৰ্ণৰ শতাংশ ৯৯.০৪ শতাংশৰ আছিল। এই বছৰৰ উত্তীৰ্ণৰ শতাংশ হৈছে ৯৪.৪০।

চিবিএছই দশম ব'ৰ্ড পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ শিক্ষাৰ্থীসকলে মুঠ ৩৩ শতাংশ নম্বৰ লাভ কৰিব লাগিব।

পৰীক্ষা দিয়া শিক্ষাৰ্থীসকলে cbseresults.nic.in বা cbse.nic.in পৰিষদৰ অফিচিয়েল ৱেবছাইটত ফলাফল পৰীক্ষা কৰিব পাৰে। ফলাফল পৰীক্ষা কৰিবলৈ শিক্ষাৰ্থীসকলক ৰোল নম্বৰ, জন্ম তাৰিখ, আৰু বিদ্যালয়ৰ কোডৰ প্ৰয়োজন হ'ব।

শিক্ষাৰ্থীসকলে তেওঁলোকৰ বিদ্যালয়লৈ যাব পাৰে আৰু ফলাফল মুকলি হোৱাৰ কেইদিনমান পিছত তেওঁলোকৰ মাৰ্কশ্বীট তথা পাছ প্ৰমাণপত্ৰ প্ৰাপ্ত কৰিব পাৰে। ইয়াৰ বাহিৰেও, এজনে ডিজিলকাৰ এপ বা ৱেবছাইটদৰ্শন কৰি চিবিএছই ফলাফল, মাৰ্কশ্বীট তথা পাছ প্ৰমাণপত্ৰ, আৰু অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ ডাউনলোড কৰিব পাৰে।

চিবিএছইৰ অফিচিয়েল ৱেবছাইটত চিবিএছই দশম ফলাফল ২০২২ কেনেদৰে পৰীক্ষা কৰিব:

-- চিবিএছইৰ অফিচিয়েল ফলাফল ৱেবছাইটলৈ যাওক -- results.cbse.nic.in

-- হোমপেজত, ক্লিক কৰক, 'চিবিএছই দশম শ্ৰেণীৰ ফলাফল ২০২২'

-- আপোনাৰ চিবিএছই দশম ৰোল নম্বৰ আৰু অন্যান্য বিৱৰণ প্ৰবিষ্ট কৰক

-- দাখিল ত ক্লিক কৰক

-- দশম শ্ৰেণীৰ ফলাফলৰ বাবে চিবিএছই ফলাফল ২০২২ প্ৰদৰ্শিত হ'ব

-- আপোনাৰ চিবিএছই দশম মাৰ্কশ্বীট সাৱধানে পৰীক্ষা কৰক

-- ইয়াক ডাউনলোড কৰক আৰু ইয়াৰ প্ৰিণ্টআউট লওক

মুঠ ২১ লাখ শিক্ষাৰ্থীয়ে চিবিএছই দশম শ্ৰেণীত অৱতীৰ্ণ হৈছিল আৰু ১৪ লাখ শিক্ষাৰ্থীয়ে এই বছৰ চিবিএছই দ্বাদশ পৰীক্ষা ২০২২ ত অৱতীৰ্ণ হৈছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com