Begin typing your search above and press return to search.

চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফলঃ দেশৰে নিম্ন স্থানত গুৱাহাটী মণ্ডল

ঘোষিত ফলাফল অনুসৰি দেশৰ ভিতৰতে সৰ্বনিম্ন ফলাফল প্ৰদৰ্শন কৰে গুৱাহাটী মণ্ডলে।

চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফলঃ দেশৰে নিম্ন স্থানত গুৱাহাটী মণ্ডল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 July 2020 9:43 AM GMT

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ড(চি বি এছ ই)-ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। ঘোষিত ফলাফল অনুসৰি দেশৰ ভিতৰতে সৰ্বনিম্ন ফলাফল প্ৰদৰ্শন কৰে গুৱাহাটী মণ্ডলে। আনহাতে, দেশৰ ভিতৰত সৰ্বোচ্চ ফলাফল প্ৰদৰ্শন কৰে ত্ৰিবান্দম মণ্ডলে। গুৱাহাটী মণ্ডলৰ উত্তীৰ্ণৰ হাৰ ৭৯.১২শতাংশ। ত্ৰিবান্দম মণ্ডলৰ উত্তীৰ্ণৰ হাৰ ৯৯.২৮ শতাংশ। দেশত মুঠ উত্তীৰ্ণৰ হাৰ ৯১.৪৬ শতাংশ। যোৱা বছৰতকৈ এইবাৰ উত্তীৰ্ণৰ হাৰ ০.৩৬শতাংশ অধিক। এই ফলাফল cbseresult.nic.inত ঘোষিত হৈছে। উল্লেখ্য যে ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবাৰ চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাত কিছু পলম হয়।

আৰু পঢ়িব পাৰেঃ ছেপ্টেম্বৰত বজাৰলৈ ক'ৰ'না ভাইৰাছৰ ভেকচিন!

Next Story
চাকৰি