এন আৰ চিঃ কেন্দ্ৰ-দিছপুৰৰ বিৰুদ্ধে নিয়ম উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

শইকীয়াই এক বিবৃতিত কয় যে এন আৰ চিৰ পুনৰ নমুনা পৰীক্ষা কৰিবলৈ হলে সংবিধান সংশোধন কৰিব লাগিব।
এন আৰ চিঃ কেন্দ্ৰ-দিছপুৰৰ বিৰুদ্ধে নিয়ম উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(এন আৰ চি)-প্ৰস্তুতৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে যি নীতি-নিয়মাৱলী বান্ধি দিছিল, সেয়া কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উলংগা কৰা বুলি অভিযোগ উত্থাপন কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়ক দেবব্ৰত শইকীয়াই। বিৰোধী দলপতি শইকীয়াই অভিযোগ কৰে যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এন আৰ চিৰ যি ২০ শতাংশ আৰু ১০ শতাংশ নমুনা পৰীক্ষাৰ কথা কৈছে, তেনে নিৰ্দেশনা উচ্চতম ন্যায়ালয়ে জাৰি কৰা নাছিল।

উল্লেখ্য যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উন্নীত এন আৰ চিৰ ক্ষেত্ৰত ৰাজ্যৰ বাংলাদেশ সীমান্তৱৰ্তী জিলাসমূহত ২০ শতাংশ আৰু আন জিলাসমূহত ১০ শতাংশ নমুনা পুনৰ পৰীক্ষাৰ বিষয়ে চিন্তা-চৰ্চা কৰি আছে। কিন্তু উচ্চতম ন্যায়ালয়ে এনে নিৰ্দেশ জাৰি কৰা নাছিল বুলি উল্লেখ কৰি শইকীয়াই এক বিবৃতিত কয় যে এন আৰ চিৰ পুনৰ নমুনা পৰীক্ষা কৰিবলৈ হলে সংবিধান সংশোধন কৰিব লাগিব।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে এন আৰ চিত চূড়ান্ত আঘাত হানিলে বুলিও শইকীয়াই অভিযোগ কৰি কয়, " চূড়ান্ত এ আৰ চি ২০১৯ৰ ৩১ আগষ্টত প্ৰকাশ পায় আৰু ২ ছেপ্টেম্বৰত দেশৰ বৈদেশিক মন্ত্ৰালয়ে এই এন আৰ চি উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত বিজ্ঞানসন্মতভাবে উন্নীত কৰা হৈছে বুলি জাননী জাৰি কৰে। কিন্তু মুখ্যমন্ত্ৰী সোণোৱাল, বিত্ত মন্ত্ৰী শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দাসে এন আৰ চিক লৈ সম্প্ৰতি সন্দেহৰ সৃষ্টি কৰিছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com