Begin typing your search above and press return to search.

কেন্দ্ৰৰ আঁচনিঃ বিদেশত আবদ্ধ প্ৰায় ১৫ হেজাৰ ভাৰতীয়ক গৃহলৈ অনাৰ প্ৰয়াস

বিশ্বৰ বিভিন্ন দেশত আবদ্ধ প্ৰায় ১৫ হেজাৰ লোকক শী্ঘ্ৰে দেশলৈ এক বৃহত আঁচনি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰৰ আঁচনিঃ বিদেশত আবদ্ধ প্ৰায় ১৫ হেজাৰ ভাৰতীয়ক গৃহলৈ অনাৰ প্ৰয়াস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-05-05T15:28:04+05:30

ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাবৰ পৰিপ্ৰেক্ষিতত আৰোপ কৰাৰ সময়ত বিশ্বৰ বিভিন্ন দেশত আবদ্ধ প্ৰায় ১৫ হেজাৰ লোকক শী্ঘ্ৰে দেশলৈ এক বৃহত আঁচনি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰী সূত্ৰই জনোৱা মতে, এই ভাৰতীয়সকলক তলাবন্ধৰ সময়ছোৱাত দেশলৈ উভতাই অনা হব। বিশেষ বিমান আৰু জাহাজ প্ৰেৰণ কৰি এই কাৰ্য সম্পন্ন কৰিব ভাৰত চৰকাৰে। সম্প্ৰতি তলাবন্ধৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰ, ফিলিপাইনছ, ছিংগাপুৰ, বাংলাদেশ, সংযুক্ত আমিৰশ্বাহী, ব্ৰিটেইন, ছৌডি আৰব, কাটাৰ, ছিংগাপুৰ, ওমান, বাহৰেইন আৰু কুৱেইটত ১৪ হেজাৰ আঠশ ভাৰতীয় লোক আবদ্ধ হৈ আছে। এইসকলক উদ্ধাৰ কৰি অনাৰ উদ্দেশ্য প্ৰায় ৬০খন বিমান আৰু জাহাজ প্ৰেৰণ কৰা হব। বৃহস্পতিবাৰৰ ভিতৰত এই ভাৰতীয়সকলক দেশলৈ উভতাই অনা হব। আনহাতে, সোমবাৰৰ পৰা সমগ্ৰ দেশজোৰা তলাবন্ধৰ তৃতীয়টো পৰ্যায় আৰম্ভ হৈছে। ঠাই বিশেষে এই তলাবন্ধ শিথিল হ'লেও অহা ১৭ মে'লৈকে জনতাই কি কৰিব পাৰিব আৰু কি কৰিব নোৱাৰিব সেয়া নিৰ্ধাৰণ কৰি দিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰে গ্ৰীণ, ৰেড আৰু অৰেঞ্জ জ'নৰ ক্ষেত্ৰত কৰিব পৰা আৰু কৰিব নোৱৰা কাম-কাজৰ নিৰ্ধাৰণ কৰিছে।

কাম-কাজ‎‎ ৰেড গ্ৰীণ অৰে়ঞ্জ ১) বিমান,ৰেল চলাচল - --নোৱাৰে --- নোৱাৰে ---- নোৱাৰে ২) শিক্ষানুষ্ঠান মুকলি ---- নোৱাৰে --নোৱাৰে --নোৱাৰে ৩) আন্তঃৰাজ্যিক বাছ --নোৱাৰে --নোৱাৰে --নোৱাৰে ৪)হোটেল-চিনেমা-মল মুকলি --নোৱাৰে --নোৱাৰে --নোৱাৰে ৫)ৰাজহুৱা উপাসনা গৃহ -- নোৱাৰে --নোৱাৰে --নোৱাৰে মুকলি ৬)ৱাইন শ্বপ, পান দোকান মুকলি --নোৱাৰে --পাৰিব --পাৰিব ৭)মেডিকেল ক্লিনিক, অপিডি --নোৱাৰে --পাৰিব -পাৰিব ৮)টেক্সী-কেব সেৱা --নোৱাৰে --পাৰিব -- পাৰিব ৯)চাৰিচকীয়া বাহন --নোৱাৰে --পাৰিব(দুজন) --পাৰিব(দুজন) ১০)বেংক-বিত্ত ব্যৱস্থা -- পাৰিব --পাৰিব --পাৰিব ১১) ডাক আৰু কুৰিয়াৰ --পাৰিব --পাৰিব -- পাৰিব ১২) কৃষি কাৰ্য -- পাৰিব --পাৰিব --পাৰিব ১৩) ঘৰুৱা বনকৰা মানুহ ৰখা --পাৰিব --পাৰিব --পাৰিব ১৪)আন্ত-জিলা বাছ -- নোৱাৰে -- পাৰিব (৫০শতাংশ) নোৱাৰে সন্ধিয়া সাত বজাৰ পাছত -ওলাব নোৱাৰে -ওলাব নোৱাৰে --ওলাব নোৱাৰে

আৰু পঢ়িব পাৰেঃ ফে'চবুকত ফে'চ মাস্কঃ কৱিড-১৯ৰ বিৰুদ্ধে ফে'চবুকেও আৰম্ভ কৰিলে যুঁজ!

Next Story