ৰাম মন্দিৰ নিৰ্মাণৰ পাছতে ক'ৰ'নাই ভাৰত ত্যাগ কৰিবঃ বিজেপি সাংসদৰ দাবী

অহা ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনৰ দিন ঠাৱৰ কৰা হৈছে।
ৰাম মন্দিৰ নিৰ্মাণৰ পাছতে ক'ৰ'নাই ভাৰত ত্যাগ কৰিবঃ বিজেপি সাংসদৰ দাবী

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হোৱাৰ পাছতে ক'ৰ'না ভাইৰাছে ভাৰত ত্যাগ কৰিব ! এই দাবী এগৰাকী বিজেপি সাংসদৰ। বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰি থকা ক'ৰ'না মহামাৰী সম্পৰ্কত এনে আচহুৱা দাবী কৰা বিজেপি সাংসদগৰাকী হৈছে ৰাজস্থানৰ দৌছা সমষ্টিৰ সাংসদ জাছকৌৰ মীনা। সাংসদ মীনাই কয়, " আমি আধ্যাত্মক শক্তিক প্ৰাৰ্থনা জনাওঁ আৰু আধ্যাত্মিক শক্তিৰ নিৰ্দেশনা অনুসৰি কাম কৰো। অযোধাত ৰাম মন্দিৰ নিৰ্মাণৰ লগে লগে ক'ৰ'না ভাইৰাছে ভাৰত ত্যাগ কৰিব"। উল্লেখ্য যে অহা ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনৰ দিন ঠাৱৰ কৰা হৈছে। 

আনহাতে, সাংসদগৰাকীৰ এই মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। অৱশ্যে এইগৰাকী বিজেপি সাংসদেই ক'ৰ'না মহামাৰীক লৈ বিতৰ্কৰ সৃষ্টি কৰা নাই। যোৱা সপ্তাহত এজন বিজেপি মন্ত্ৰীয়ে এবিধ পাপড় মুকলি কৰি এই পাপড়ৰ ক'ৰ'না ভাইৰাছ নাশৰ শক্তি আছে বুলি মন্তব্য কৰিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com