যোৰহাটত শোকাবহ ঘটনাঃ অগ্নিদগ্ধ হৈ দম্পতীৰ মৃত্যু

জিলা উপায়ুক্তই ৰোস্নি কৰাটীয়ে এই অগ্নিকাণ্ডৰ কাৰণ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট বুলি প্ৰকাশ কৰিছে।
যোৰহাটত শোকাবহ ঘটনাঃ অগ্নিদগ্ধ হৈ দম্পতীৰ মৃত্যু
Published on: 

এক শোকাবহ ঘটনা সংঘটিত হৈছে যোৰহাট নগৰত। এক ভয়াবহ অগ্নিকাণ্ডত এহাল দম্পতী জাহ যোৱাৰ লগতে আন তিনিজন কম-বেছি পৰিমাণে অগ্নিদগ্ধ হয়। প্ৰাপ্ত তথ্য অনুসৰি যোৱা শনি আৰু দেওবাৰে মাজনিশা যোৰহাট নগৰৰ ঠাকুৰবাৰীৰ এটা অট্টালিকাত এই অগ্নিকাণ্ডত গোমতী দেৱী(৭২) আৰু সত্যনাৰায়ন আগৰৱালা(৭৫)-ই প্ৰাণ হেৰুৱায়। অট্টালিকাটোৰ পৰা কাষৰ আন দুটা ঘৰলৈও জুই বিয়পি পৰে।

অগ্নিকাণ্ডৰ সূত্ৰপাত গাডডী-মটৰ মেৰামতি কৰা এটা গেৰেজত হোৱা বুলি সন্দেহ কৰা হৈছে। পাছত বিধানসভাৰ অধ্যক্ষ তথা স্থানীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। অগ্নিকাণ্ডটোত আহতকেইজন হৈছে মহেন্দ্ৰ আগৰৱালা(৫৮), কৃষ্ণ গোপাল আগৰৱালা(৫৫) আৰু উষা সিংঘী( ৫০)। জিলা উপায়ুক্তই ৰোস্নি কৰাটীয়ে এই অগ্নিকাণ্ডৰ কাৰণ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট বুলি প্ৰকাশ কৰিছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com