কৱিড-১৯ মহামাৰীঃ দেশত আক্ৰান্তৰ সংখ্যা ৬৭ হেজাৰলৈ বৃদ্ধি

অৱশ্যে সমগ্ৰ দেশত এই সময়ছোৱাত সুস্থ হৈ ঘৰলৈ উভতিছে ১৯,৩৫৮ জন লোক।
কৱিড-১৯ মহামাৰীঃ দেশত আক্ৰান্তৰ সংখ্যা ৬৭ হেজাৰলৈ বৃদ্ধি
Published on

কৱিড-১৯ মহামাৰীঃ দেশকৱিড-১৯ মহামাৰীঃ দেশত আক্ৰান্তৰ সংখ্যা ৬৭ হেজাৰলৈ বৃদ্ধিত আক্ৰান্তৰ সংখ্যা ৬৭ হেজাৰলৈ বৃদ্ধি

দেশত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে কৱিড-১৯ মহামাৰীত আক্ৰান্তৰ সংখ্যা। শেহতীয়া তথ্য অনুসৰি আক্ৰান্তৰ সংখ্যাই সম্প্ৰতি ৬৭হেজাৰৰ ঘৰক অতিক্ৰম কৰিছে। অনুৰূপধৰণে বৃদ্ধি পাইছে মৃতৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত নতুনকৈ পজিটিভ ধৰা পৰিছে ৩,২৭৭ জন লোকৰ শৰীৰত। এনেদৰে বিগত এটা সপ্তাহত প্ৰতি দিনেই ৩০০০ ৰ অধিক লোক নতুনকৈ সংক্ৰমিত হৈ আছে।

অৱশ্যে সমগ্ৰ দেশত এই সময়ছোৱাত সুস্থ হৈ ঘৰলৈ উভতিছে ১৯,৩৫৮ জন লোক।

সমগ্ৰ দেশৰ বিতৰতে কৰ'নাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনত আছে সমগ্ৰ দেশৰ আক্ৰান্তৰ তিনি ভাগৰ এক অংশ। ইয়াৰ পিছতে দ্বিতীয় স্থানত থকা গুজৰাটতো কৰ'নাই ধাৰণ কৰিছে জটিল ৰূপ। দিল্লীতো কৰ'নাক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

বিশেষজ্ঞসকলে অনুমান কৰিছে যে অহা এমাহৰ ভিতৰত ভাৰতত কৰ'নাই আৰু অধিক জটিল ৰূপ ধাৰণ কৰিব পাৰে। এনে অনুমানৰ ওপৰত ভিত্তি কৰিয়েই কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। ইপিনে, কাইলৈৰ পৰা কেন্দ্ৰীয় চৰকাৰে পৰ্যায়ক্ৰমে যাত্ৰীবাহী ৰেল চলোৱাৰ সিদ্ধান্ত লৈছে। এনে ৰেলত যাত্ৰাৰ বাবে আজি বিয়লি চাৰি বজাৰ পৰা টিকট বুক কৰিব পাৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com