শিক্ষা বিভাগৰ অনীহাত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অনিশ্চিত হৈছেঃ আছু

শিক্ষা বিভাগৰ অনীহাত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অনিশ্চিত হৈছেঃ আছু

ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা দেশজোৰা তলাবন্ধৰ সময়ছোৱাত অসমৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে বুলি উদ্বেগ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থা (আছু)ই। বিশেষকৈ উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰী তথা কলেজ-বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত উলমি ৰৈছে বুলি আছুৱে ক্ষোভ প্ৰকাশ কৰিছে। ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বহীনতাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত অনিশ্চিত হৈছে বুলি অভিযোগ কৰিছে সংগঠনটোৱে। এনে এক অভিযোগ কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে দ্য ছেণ্টিনেলক কয়, “ শিক্ষা বিভাগৰ কাম-কাজৰ নমুনা দেখি এনে অনুভৱ হৈছে যে বিভাগটোৱে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ ল’ৰা-ধেমালিহে কৰিছে। বিভাগটো সক্ৰিয় হোৱা হলে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ দেখা দিয়া অনিশ্চয়তা বহুগুণে দূৰ কৰিবপৰা হলহেতেঁন। একমাত্ৰ বিভাগটোৰ বাবেই ছাত্ৰ-ছাত্ৰীৰ এটা শিক্ষাবৰ্ষ অনিশ্চিত হৈ পৰিছে”। অৱশ্যে অসম মাধ্যমিক শিক্ষা বৰ্ডে(ছেবা) দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অনলাইনত শিক্ষাদানৰ ব্যৱস্থা কৰিছে। সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু ইংৰাজীত অনলাইনত শিক্ষা প্ৰদান কৰা হৈছে। ইপিনে, অসমত বৰ্তমানলৈ ৩২ জন মহামাৰী আক্ৰান্ত চিনাক্ত হৈছে। ইতিমধ্যে ইয়াৰে এজন মৃত্যুমুখত পৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com