অ-প্ৰতিৰোধ্য ক’ৰ’না : অসমত ৩০ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

অ-প্ৰতিৰোধ্য ক’ৰ’না : অসমত ৩০ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা
Published on

অ-প্ৰতিৰোধ্য ক’ৰ’না : অসমত ৩০ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা। অসমত ৩০ জন হ’লগৈ ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা । ধুবুৰীত নতুনকৈ এজন লোকৰ দেহত ধৰা পৰিছে ক’ৰ’না ভাইৰাছ। দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাতৰে সম্পৰ্ক আছিল এই লোকজনৰো। এই কথা টুইটাৰযোগে জনালে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মুঠ ৩৬ জন লোক আক্ৰান্ত হৈছে এই মহামাৰীত । ইয়াৰে ৩০ জন লোক অসমৰ ।

জানিব পৰা মতে, উত্তৰ-পূৰ্বাঞ্চলৰ কেৱল ছিকিম আৰু মেঘালয়তহে ওলোৱা নাই ক’ৰ’না পজিটিভ ব্যক্তি।

সমগ্ৰ বিশ্বজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহামাৰী ক’ৰ’নাই। কালি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৮৩৫৬ জনলৈ বৃদ্ধি , মাথোঁ ২৪ ঘন্টাত ৩৪ জনৰ মৃত্যু। দেশত ক’ৰ’না ভাইৰাছ পজিটিভৰ সংখ্যা বৃদ্ধি হৈ ৮৩৫৬ জন হৈছে ।‌ লগতে যোৱা ২৪ ঘন্টাত এই মহামাৰীত আক্ৰান্ত হৈ ৩৪ জন‌ লোকে মৃত্যুক আঁকোৱালী লয় । বিগত ২৪ ঘন্টাত ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৯০৯ জন নতুন ৰোগীৰ তথ্য পোহৰলৈ আহে। ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত এতিয়ালৈকে দেশত ২৭৩ জন লোকৰ মৃত্যু হৈছে। আনহাতে, ৭৬১ জন‌ লোক সুস্থ হৈ উঠিছে।‌ স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে এই কথা সদৰী কৰিছে ।‌

উল্লেখ্য যে ক’ৰ’না ভাইৰাছ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশজুৰি ঘোষণা কৰা হৈছে লকডাউনৰ। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ মাজত হোৱা বৈঠকত এই লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ আহ্বান জনায় যদিও কেন্দ্ৰই এতিয়াও চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা নাই ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com