Begin typing your search above and press return to search.

দেশত কোৰোনা আক্ৰান্তৰ সংখ্যা ৮৩৫৬ জন,বিগত ২৪ ঘন্টাত ৩৪ জনৰ মৃত্যু

দেশত কোৰোনা আক্ৰান্তৰ সংখ্যা ৮৩৫৬ জন,বিগত ২৪ ঘন্টাত ৩৪ জনৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 April 2020 12:53 PM GMT

দেশত কোৰোনা আক্ৰান্তৰ সংখ্যা ৮৩৫৬ জন,বিগত ২৪ ঘন্টাত ৩৪ জনৰ মৃত্যু। দেশত কোৰোনা ভাইৰাছ পজিটিভৰ সংখ্যা বৃদ্ধি হৈ ৮৩৫৬ জন হয়গৈ ।‌ লগতে যোৱ ২৪ ঘন্টাত এই ভাইৰাছত আক্ৰান্ত হৈ ৩৪ জন‌ লোকে মৃত্যুক আকোঁৱালি লয় । বিগত ২৪ ঘন্টাত কোৰোনা ভাইৰাছৰ আক্ৰান্ত ৯০৯ জন ৰোগী পোহৰলৈ আহে। কোৰোনা সংক্ৰমণৰ ফলত এতিয়ালৈকে দেশত ২৭৩ জন লোকৰ মৃত্যু হয়। তদুপৰি ৭৬১ জন‌ লোক সুস্থ হৈ উঠে।‌ স্বাস্থ্য মন্ত্ৰালয়ৰ সংযুক্ত সচিব লাভ আগৰৱালে এই কথা সাদৰি কৰে ।‌

লগতে কয় যে ২৯ মাৰ্চলৈকে কোৰোনা ৰোগীৰ সংখ্যা আছিল ৯৭৯ জন আৰু এতিয়া বৃদ্ধি হৈ ৮৩৫৬ জন হৈছে ।‌ইয়াৰে ২০% লোকক ক্ৰিটিকেল চিকিৎসা দিয়াৰ প্ৰয়োজন আছিল ।‌ অৰ্থাৎ আই চি ইউ বা ভেন্টিলেটৰ দিব লগা হয় ।‌ আগৰৱালে কয় যে ইয়াৰ ভিতৰত ১০৭৬ জন‌ লোকক অক্সিজেন বা আই চি ইউ ৰ প্ৰয়োজন হ'ব ।‌

স্বাস্থ্য মন্ত্ৰালয়ে কয় যে এয়া খবৰ এই বাবে দিয়া হৈছে যাতে আই চি ইউ , ভেন্টিলেটৰৰ বাবে জনতাই ভয় নকৰে । কোভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা বঢ়াৰ লগে লগে চিকিৎসালয়ো বঢ়োৱা হৈছে।

গৃহ মন্ত্ৰালয়ৰ সংযুক্ত সচিব পুন্য সলিলা শ্ৰীবাস্তৱে কয় যে কিছু কিছু ক্ষেত্ৰত আৰ্মি সকলেও সহায় কৰি আছে।

উল্লেখ্য যে সমগ্ৰ বিশ্ব এতিয়া কোৰোনাৰ গ্ৰাসত । বিশ্বৰ প্ৰায় প্ৰতিখন দেশতেই পোৱা যায় কোৰোনা ৰোগী । ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ১৪ এপ্ৰিললৈ ২১ দিনৰ বাবে দেশজুৰি তলাবন্ধ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না ভাইৰাছৰ পৰিস্থিতি মোকাবিলাঃ সৰ্বদলীয় বৈঠক আয়োজনক আদৰণি গগৈৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি