Begin typing your search above and press return to search.

ক'ৱিড-১৯ৰ বাবে চাহিদা নাই বজাৰতঃ সংকটত ফুল উৎপাদনকাৰী

ল’কডাউনৰ পৰিপ্ৰেক্ষিতত বজাৰ-সমাৰ বন্ধ থকা তথা সকলোৱে ঘৰৰ ভিতৰত আবদ্ধ থকাৰ বাবে ফুলৰ চাহিদা প্ৰায় শূন্য হৈছে ৷

কৱিড-১৯ৰ বাবে চাহিদা নাই বজাৰতঃ সংকটত ফুল উৎপাদনকাৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 May 2020 1:15 PM GMT

গভীৰ সংকটৰ সন্মুখীন হৈছে ৰাজ্যৰ ফুল উৎপাদনকাৰীসকল ৷ ক'ৱিড-১৯প্ৰতিৰোধৰ উদ্দেশ্য ঘোষিত দীঘলীয়া তলা বন্ধ(ল'ক-ডাউন)ৰ সময়চোৱাত ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে হোজাইৰ ফুল উৎপাদনকাৰীসকল সংকটৰ সন্মুখীন হৈছে ৷ ল'কডাউনৰ পৰিপ্ৰেক্ষিতত বজাৰ-সমাৰ বন্ধ থকা তথা সকলোৱে ঘৰৰ ভিতৰত আবদ্ধ থকাৰ বাবে ফুলৰ চাহিদা প্ৰায় শূন্য হৈছে ৷ সেয়েহে ফুল উৎপাদন তথা ফুলৰ নাৰ্চাৰী স্থাপন কৰা সকলে হাহাকাৰ কৰিবলগীয়া হৈছে। এই সম্পৰ্কত বিশ্বাস উপাধিৰ এজন নাৰ্চাৰীৰ গৰাকীয়ে সাংবাদিকক কয় যে চলিত বৰ্ষৰ মাৰ্চৰ অন্তিমৰ পৰা এপ্ৰিল মাহত তেওঁ প্ৰায় আঢ়ৈ লাখ টকাৰ লোকচান ভৰিব লগা হয় ৷ "কে'বা দশক ধৰি মই ফুলৰ ব্যৱসায় কৰি আহিছো ৷ গতিকে মোক মানুহে ফুলৰ মানুহ বুলিয়েই জানে ৷ মই পলিহাউছৰ তলত নাৰ্জী, গোলাপকে ধৰি বিভিন্ন ধৰণৰ ফুলৰ খেতি কৰো ৷ মই পাঁচ বিঘা মাটিত ফুলৰ খেতি কৰো ৷ তদুপৰি মই এবিঘা মাটিত তৰমুজ, জিকা আদিৰ খেতি কৰোঁ,"তেওঁ এইদৰে কয়। সম্প্ৰতি লকডাউনৰ ফলত ফুলৰ বজাৰ একেবাৰে মন্দা বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে বছৰটোৰ ফুল আৰু ফুলগছৰ পুলি কিনিবলৈ বহু মানুহে বছৰটোৰ এই সময়ছোৱালৈ অপেক্ষা কৰে। কাৰণ এইসময়ছোৱাত বহাগ বিহুকে ধৰি বিভিন্ন বসন্ত উত্সৱ আৰু বিয়া-বাৰুৰ আয়োজন কৰা হয়। কিন্তু এইবাৰ ক'ৱিড-১৯প্ৰতিৰোধৰ বাবে লকডাউন ঘোষিত হোৱাত বসন্ত উত্সৱ আয়োজনত ব্যাঘাত জন্মে। একেদৰে বিয়া-বাৰুৰ আয়োজনো স্থগিত ৰখা হয়। বজাৰো বন্ধ ৰখা হয়। গতিকে ফুলৰ চাহিদা মুঠেই নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত ফুলৰ খেতিয়কসকলে প্ৰচুৰ লোকচানৰ সন্মুখীন হবলগা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।"লক-ডাউনৰ ফলত মোৰ ফুলৰ ব্যৱসায়ত প্ৰচণ্ড ব্যাঘাত জন্মিছে। ব্যৱসায়ীসকলে ফুল কিনিবলৈ এৰিছে। কাৰণ সকলো ৰাজহুৱা ধৰ্মীয় স্থান তলাবন্ধৰ পৰিপ্ৰেক্ষিতত বন্ধ ৰখা হৈছে। মোৰ ব্যৱসায়ৰ ওপৰত নিৰ্ভৰ কৰি চলা বা পৰিয়াল পোহপাল দিয়াসকলেও দুখ-কষ্টৰ সন্মুখীন হবলগা হৈছে। এইসকল লোকৰ মাজত আছে শ্ৰমিক, স্থানীয় ব্যৱসায়ী আদি," বিশ্বাসে এইদৰে কয়। ইপিনে, আজি সোমবাৰৰ পৰা ৰাজ্যৰ ক'ৰ'না মহামাৰী অ-প্ৰভাৱিত অঞ্চলসমূহত বহুলাংশে শিথিল হৈছে তলাবন্ধৰ নীতি-নিয়ম। তদুপৰি দেশৰ বিভিন্ন ৰাজ্যত তলাবন্ধৰ সময়ছোৱাত আবদ্ধ হৈ থকা উত্তৰ-পূবৰ যিসকল লোকে ঘৰলৈ আহিবলৈ বিচাৰে তেওঁলোকক আহিবলৈ দিয়া হৈছে । এই কথা ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীজনে ঘোষণা কৰা অনুসৰি ৰাজ্যৰ ৩৩খন জিলাৰ ৩০ খনেই ক'ৰ'না মহামাৰী অ-প্ৰভাৱিত বা গ্ৰীণ জ'নৰ জিলা। আন তিনিখনৰ দুখন ক'ৰ'না মহামাৰীৰ দ্বাৰা কমকৈ প্ৰভাৱিত বা অৰেঞ্জ জ'ন জিলা আৰু আনখন ক'ৰ'না মহামাৰী প্ৰভাৱিত বা ৰেড জ'ন জিলা। সম্প্ৰতি ৰাজ্যত মুঠ ক'ৰ'না মহামাৰী আক্ৰান্তৰ সংখ্যা ৪২জন। ইয়াৰে ২৭ জন সুস্থ হৈছে আৰু তেওঁলোকক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।

আৰু পঢ়িব পাৰেঃ তলাবন্ধৰ শিথিলতাঃ আংশিকভাবে ৰেস্তোৰাঁ মুকলি, হোম ডেলিভাৰী আৰম্ভ

Next Story