নিলাম হ’ব থাৰ্মেল পাৱাৰ প্লান্ট:দল সংগঠনৰ বিৰোধ

নিলাম হ’ব থাৰ্মেল পাৱাৰ প্লান্ট:দল সংগঠনৰ বিৰোধ

স্থানীয় লোক আৰু বিভিন্ন সংগঠনৰ বিৰোধৰ মাজতে ২×৩০ মেগাৱাট চন্দ্ৰপুৰ থাৰ্মেল পাৱাৰ ষ্টেশ্যন ২৪ অক্টোবৰত মাত্ৰ ৩.০১ কোটি টকাৰ মূল্যত নিলামী হ’বলৈ সাজু হৈছে ।ষ্টীম টৰ্বো জেনেৰেটৰ পৰা আৰম্ভ কৰি ফিল্টৰ টেঙ্কলৈকে প্ৰায় ২৫ বিধতকৈও অধিক বস্তু চলিত বৰ্ষৰ ২৪ অক্টোবৰত দিনৰ ১১ বজাত নিলাম হ’ব।

ইফালে এই নিলাম সন্দৰ্ভত বিজ্ঞাপন প্ৰকাশ পাইছিল ২০ ছেপ্তেম্বৰত। ইয়াৰ পিছতে বহু ব্যৱসায়ীয়ে ১৯৯৯ চনৰ পৰা পৰি থকা পাৱাৰ প্লেন্টটো ক্ৰয় কৰিবলৈ যোগাযোগ কৰিছে ৷ ইফালে গুৱাহাটীৰ কাষতে থকা অঞ্চলত থাৰ্মল পাৱাৰ প্লেন্টৰ এনেধৰণৰ স্থিতি অত্যন্ত দুখঃজনক। ইয়াৰ মাজতে বহু স্থানীয় লোক আৰু সংগঠনে থাৰ্মেল পাৱাৰ প্লান্টটোৰ নিলামীক বিৰোধ প্ৰদৰ্শন কৰিছে।

অৱশ্যে ১৯৯৯ চনৰ পৰা পাৱাৰ প্লান্টটোৱে উৎপাদন বন্ধ কৰি দিয়ে ৷ ২০০৯ চনত সেই সময়ৰ তৰুণ গগৈৰ কংগ্ৰেছ চৰকাৰে চন্দ্ৰপুৰ থাৰ্মেল পাৱাৰ ষ্টেশ্যনক পুনৰুজ্জীৱিত কৰাৰ কাৰণে ৬০ মেগাৱাট ক্ষমতাক ১৫০ লৈ বৃদ্ধি কৰিছিল ৷ আনহাতে ৭০০ কৰ্মচাৰীয়ে চোৱাচিতা কৰা চিটিপিএচক সম্প্ৰতি ৫০ জন ব্যক্তিগত সুৰক্ষা কৰ্মী নিয়োজিত আছে।

দ্য চেন্টিনেলৰ লগত হোৱা কথা বাৰ্তাত ৰমেন দাস নামৰ এজন লোকে কয় যে ৰাজ্য চৰকাৰৰ উপেক্ষাৰ কাৰণেই এনেধৰণৰ ক্ষেত্ৰ সমূহ বন্ধ হ’বলৈ গৈ আছে। এপিজিচিএলৰ আধাৰত থকাৰ পিছতো চন্দপুৰ থাৰ্মেল পাৱাৰ প্লান্ট নিলামী হ’বলৈ গৈ আছে । গতিকে দিছপুৰে যাতে এই নিলামী বন্ধ কৰি পুনৰুদ্ধাৰৰ কাৰণে ব্যৱস্থা লয় সেই আশা ব্যক্ত কৰিছে ৰমেন দাসে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com