ল’ক-ডাউনৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী কুমাৰাস্বামীৰ পুত্ৰৰ ৰাজকীয় বিয়া

ল’ক-ডাউনৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী কুমাৰাস্বামীৰ পুত্ৰৰ ৰাজকীয় বিয়া
Published on

ল’ক-ডাউনৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী কুমাৰাস্বামীৰ পুত্ৰৰ ৰাজকীয় বিয়া

ক’ৱিড-১৯প্ৰতিৰোধৰ উদ্দেশ্য ঘোষণা কৰা তলাবন্ধ(লক-ডাউন)চলি থকাৰ সময়তে মহা আয়োজনেৰে বিবাহপাশত আৱদ্ধ হ’ল কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইছ ডি কুমাৰাস্বামীৰ পুত্ৰ নকুল ৷ ক’ৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ছ’চিয়েল ডিষ্টেন্সিং মানি চলাটো অত্যন্ত প্ৰয়োজন যদিও প্ৰাক্তন মুখ্যমন্ত্ৰীজনে সকলো নীতি-নিয়ম উলংঘা কৰি পুত্ৰৰ বিয়াৰ ৰাজকীয় আয়োজন কৰে ৷ বিয়াৰ অভ্যৰ্থনাত বহু লোক সমবেত হয়। ইযাৰে গৰিষ্ঠসংখ্যকেই ক’ৰ’না প্ৰতিৰোধৰ বাবে প্ৰয়োগনীয় ছ’চিয়েল ডিষ্টেন্সিং বিধি মানি নচলিলে ৷ ইয়াৰ আভাস বিয়াৰ অনুষ্ঠানৰ কেতবোৰ ফটোত স্পষ্ট হৈছে ৷ ইপিনে দেশত ক’ৰ’না মহামাৰীত মৃতকৰ সংখ্যা চাৰি শতাধিকলৈ বৃদ্ধি পাইছে ৷কাজেই

ক’ৰ’না মহামাৰীয়ে ভাৰতত সৃষ্টি কৰা পৰিৱেশ ক্ৰমাত জটিলৰ পৰা জটিল হ’বলৈ ধৰিছে। বিগত কিছুদিনৰ পৰা প্ৰতিদিনেই বৃদ্ধি পাইছে এই মহামাৰীত আক্ৰান্ত অথবা মৃতকৰ সংখ্যা। বৃহস্পতিবাৰলৈকে সমগ্ৰ দেশত এই মহামাৰীত ৪২০ জন লোৰক মৃত্যু হয়। তদুপৰি আক্ৰান্ত হৈছে ১২হেজাৰৰো অধিক লোক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ১,৫১৪জন ৰোগী সুস্থ হৈছে। ইয়াৰ মাজত অসমৰো চাৰিজন লোক আছে। ইতিমধ্যে এই চাৰিজন লোকক চিকিত্সালয়ৰ পৰা যাবলৈ দিয়া হৈছে। আনহাতে, অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সম্প্ৰতি চিকিত্সাধীন হৈ থকা ৰাজ্যৰ অধিকাংশ ক’ৰ’না ৰোগীক অহা ২০ এপ্ৰিলৰ ভিতৰত চিকিতসালয়ৰ পৰা যাবলৈ দিয়া হব পাৰে। কাৰণ এইসকল ক্ৰমাত্ সুস্থ হৈ উঠিছে। ইতিমধ্যে বুধবাৰে দুজন ক’ৰ’না আক্ৰান্তক চিকিত্সালয়ৰ পৰা যাবলৈ দিয়া হয়। দুয়োজন সোণাপুৰৰ অসামৰিক চিকিত্সালয়ত চিকিত্সাধীন হৈ আছিল। দুয়োৰে ঘৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত অঞ্চলত।এই কথা প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰী শৰ্মাই কয়, “ আমি দুজন ক’ৰ’না আক্ৰান্ত ক্ৰমে জোনাব আলী আৰু নুৰুদ্দিন আলীক চিকিত্সালয়ৰ পৰা যাবলৈ দিছো। তেওঁলোক সোণাপুৰ জিলা চিকিত্সালয়ত চিকিত্সাধীন হৈ আছিল”। উল্লেখ্য যে অসমত বৰ্তমানলৈ ৩২জন ক’ৰ’না আক্ৰান্ত চিনাক্ত কৰা হৈছে। ইয়াৰে এজন মৃত্যুমুখত পৰে।ইপিনে, দেশজোৰা তলাবন্ধৰ ফলত ৩ মে'লৈ স্থগিত থাকিব সকলো ধৰণৰ যাত্ৰীবাহী ৰেলসেৱা ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com