ৰাজ্যৰ লোকসভা নিৰ্বাচন: ভোট গননাৰ বাবে প্ৰস্তুতি নিৰ্বাচনী বিভাগৰ

ৰাজ্যৰ লোকসভা নিৰ্বাচন: ভোট গননাৰ বাবে প্ৰস্তুতি নিৰ্বাচনী বিভাগৰ
Published on

২৩ মেত ঘোষণা কৰা হব লোকসভা নিৰ্বাচনৰ ফলাফল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ ভোট গননাৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰীৰ ব্যবস্থা কৰাৰ লগতে প্ৰস্তুতিত ব্যস্ত নিৰ্বাচনী বিভাগ। বৃহস্পতি বাৰে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া এম চি চাহুয়ে প্ৰকাশ কৰে যে ৰিটাৰনিং অফিচাৰ, জিলা উপায়ুক্ত, উপ-শাখাৰ বিষয়া আৰু নিৰ্বাচনী বিষয়াক ইতিমধ্যে প্ৰয়োজনীয় নিৰ্দেশনা আৰু গাইডলাইন সমূহৰ জনোৱা হৈছে ।

নিৰ্বাচনী আয়োগৰ কেন্দ্ৰীয় পৰ্যবেক্ষকে ৰাজ্যৰ ভোট গননাৰ পৰ্যাবেক্ষন কৰিব । ভোট গননা কৰা কেন্দ্ৰ সমুহত অসম আৰক্ষী আৰু চি এ পি এফৰ তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫১ টা ষ্ট্ৰং ৰোমত ইভিএম আৰু ভিভিপেট সমূহ ৰখা হৈছে । ২৩ মে পুৱা ৮ বজাৰ পৰা ভোট গননা আৰম্ভ হব । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মে ভিভিপেটৰ ৰচিদ সমূহ ইভিএমৰ লগত গননা কৰা হব । ফলাফল সমুহ ২৩ মেৰ বিয়লি ৪ বজাৰ পিছত ঘোষণা কৰিব ।

ভোট গননাৰ সমগ্ৰ পক্ৰিয়াটো ভিডিঅ যোগেদি লাইভ কৰা হব । ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ ভোট গননা কৰা হব । লোকসভা সমষ্টিৰ ই ভি এমৰ ভোট গননা কৰাৰ পিছত ধাৰাবাহিক ভাবে ভিভিপেট নিৰিক্ষন কৰা হব।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com