আকাশত ইঞ্জিন বিকল। কথমপি হাত সাৰিল দুৰ্ঘটনাৰ পৰা

সূত্ৰ অনুসৰি, বিমানখন সফলতাৰে প্ৰায় ৩:৩০ বজাত অৱতৰণ কৰে, আৰু অভিযন্তাসকলে বৰ্তমান বিমানখন পৰীক্ষা কৰি আছে।
আকাশত ইঞ্জিন বিকল। কথমপি হাত সাৰিল দুৰ্ঘটনাৰ পৰা

ছিডনীঃ বুধবাৰে বিয়লি অকলেণ্ডৰ পৰা কোৱান্টাছৰ দিশে যোৱা এখন বিমান কথমপি দুৰ্ঘটনাৰ পৰা হাত সাৰি নিৰাপদে ছিডনীত অৱতৰণ কৰিছে। বিমানখনত থকা ১৪৮ জন যাত্ৰীৰ বাবে অবতৰণৰ সময়ত "সাৱধানতা" হিচাপে অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু এম্বুলেন্সৰ কৰ্মচাৰীকে ধৰি এটা বৃহৎ জৰুৰীকালীন দল ছিডনী বিমানবন্দৰলৈ প্ৰেৰণ কৰা হয়। বুধবাৰে দিনৰ ২:০০ বজাৰ কিছু সময়ৰ পিছতে অকলেণ্ডৰ পৰা অহা বিমানৰ পাইলটে জনোৱা মতে, টুইন ইঞ্জিনৰ এটা বিকল হৈ পৰিছিল। কোৱাণ্টাছৰ এজন প্ৰতিনিধিয়ে জনোৱা মতে, বিমানখনৰ এটা ইঞ্জিনত "দোষ আছিল"।সূত্ৰ অনুসৰি, বিমানখন সফলতাৰে দিনৰ ৩:৩০ বজাত অৱতৰণ কৰে, আৰু অভিযন্তাসকলে বৰ্তমান ইয়াক পৰিদৰ্শন কৰি আছে। অঘটন নোহোৱাকৈ বিমানখনৰ পৰা নামি আহিল ১৪৫ জন লোক। যদিও বিমানৰ ভিতৰত ইঞ্জিন বন্ধ হোৱাটো অস্বাভাৱিক আছিল। নিঃসন্দেহে যাত্ৰীসকলৰ বাবে সমগ্ৰ ঘটনা বহু উত্তেজনাময় আছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com