মুম্বাই বিস্ফোৰণৰ মাষ্টৰমাইণ্ড জেইছ-ই-মহম্মদৰ মুৰব্বী হাফিজ চৈয়দক গ্ৰেপ্তাৰ

মুম্বাই বিস্ফোৰণৰ মাষ্টৰমাইণ্ড জেইছ-ই-মহম্মদৰ মুৰব্বী হাফিজ চৈয়দক গ্ৰেপ্তাৰ
Published on

মুম্বাই বিস্ফোৰণৰ মাষ্টৰমাইণ্ড , নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদৰ মুৰব্বী হাফিজ চৈয়দক পাকিস্তানী সন্ত্ৰাসবাদ বিৰোধী বিভাগে গ্ৰেপ্তাৰ কৰিছে । পাঞ্জাব অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জেইছ ই-মহম্মদৰ মুৰব্বী হাফিজ চৈয়দক । গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

হাফিজ চৈয়দৰ বিৰুদ্ধে বহুতো গোচৰ আছিল । গ্ৰেপ্তাৰ কৰাৰ পিছত সন্ত্ৰাসবাদ বিৰুধী কোৰ্টত হাজিৰ কৰোৱা হয় । তাৰ পাছতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

হাফিজ চৈয়দৰ পৰিকল্পনাতে ২০০৮ চনত মুম্বাইত ভয়াবহ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল । মুম্বাই আক্ৰমণত ১৬৬ জনকৈ লোক নিহত হৈছিল । হাফিজ চৈয়দক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি ঘোষণা কৰা হৈছিল ।

হাফিজ চৈয়দৰ বিৰুদ্ধে ২৩ গোচৰ ৰুজু কৰা আছে। জামাত–উদ–দাৱাৰ মুৰব্বী হাফিজ ছঈদক লাহোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। ২০০৯ চনৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন যোগানৰ এক গোচৰত পঞ্জাব আৰক্ষীৰ সন্ত্ৰাসবাদবিৰোধী বিভাগে গ্ৰেপ্তাৰ কৰে হাফিজ ছঈদক। সম্প্ৰতি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে হাফিজ ছঈদক। আৰক্ষীয়ে হাফিজ ছঈদৰ লগতে জামাত–উদ–দাৱাৰ ১৩ নেতাৰ বিৰুদ্ধে ২৩টা গোচৰ ৰুজু কৰিছিল।

লাহোৰৰ পৰা গুজৰাংৱালালৈ গৈ থকাৰ সময়তে হাফিজক গ্ৰেপ্তাৰ কৰে পঞ্জাব আৰক্ষীৰ এছ টি ডিৰ দলে। উল্লেখযোগ্য যে হাফিজ ছঈদৰ সংগঠন জামাত–উদ–দাৱাক লস্কৰ–ই–তৈবাৰ মুখ্য সহযোগী হিচাপে জনা যায়। ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড এইজন হাফিজ ছঈদক বিশ্ব সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা হৈছিল। হাফিজ ছঈদৰ ওপৰত ১০ মিলিয়ন আমেৰিকান ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। পাকিস্তান চৰকাৰে সন্ত্ৰাসবাদ বিৰোধী আইন ১৯৯৭ৰ অধীনত জামাত–উদ–দাৱা আৰু ফলাহ–এ–ইনছানিয়তৰ ওপৰত জাৰি কৰিছিল নিষেধাজ্ঞা।জেইছ ই-মহম্মদৰ মুৰব্বী হাফিজ চৈয়দক সন্ত্ৰাসবাদীক ধন যোগান ধৰাৰ অভিযোগত আটক কৰা হয়।

হাফিজ চৈয়দৰ পৰিকল্পনাতে ২০০৮ চনত মুম্বাইত ভয়াবহ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল । মুম্বাই আক্ৰমণত ১৬৬ জনকৈ লোক নিহত হৈছিল ।

নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদে শেহতীয়াকৈ ১৪ ফেব্ৰুৱাৰীত ভাৰতীয় সেনাৰ ওপৰত ভয়াবহ আক্ৰমণৰ ঘটনাৰ সংঘটিত কৰিছিল । এই আক্ৰমণত ৪৪ জন সেনা জোৱান শ্বহীদ হৈছিল । পুলোৱামাৰ লগতে উৰি, পাঠানকোট আদিৰ লগতে বহুতো ভয়াবহ আক্ৰমণৰ ঘটনাৰ লগত জৰিত আছিল জেইছ ই-মহম্মদৰ ।

পুলোৱামা আক্ৰমণৰ ঘটনাৰ পাছত জেইছ ই-মহম্মদে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল । এই ঘটনাৰ পিছত আন্তঃৰাষ্ট্ৰীয় পেক্ষাপটত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল পাকিস্তান।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com