ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ মুণ্ডবিহীন যুৱতীৰ মৃতদেহ

গঙ্গালমাৰীৰ ভূঞাবস্তি অঞ্চলৰ স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰে ব্ৰহ্মপুত্ৰত ভাঁহি থকা এই মৃতদেহটো
ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ মুণ্ডবিহীন যুৱতীৰ মৃতদেহ

এক ৰহস্যজনক ঘটনা সংঘটিত হৈছে অসমৰ মৰিগাঁও জিলাত। মৰিগাঁও জিলাৰ মায়ং অঞ্চলত ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। তেওঁৰ ডিঙিৰ ওপৰৰ ভাগ বিচ্ছিন্ন হৈ আছে।

যোৱা শনিবাৰে গঙ্গালমাৰীৰ ভূঞাবস্তি  অঞ্চলৰ স্থানীয় লোকে  প্ৰত্যক্ষ কৰে মৃতদেহটো।

খবৰ অনুসৰি বৰ্তমানলৈকে  আৰক্ষী বাহিনী সক্ষম হোৱা নাই মৃত যুৱতীগৰাকীৰ বিষয়ে কোনো ধৰণৰ তথ্য লাভ কৰিবলৈ। অৱশ্যে হত্যা কৰাৰ পাছত যুৱতী গৰাকীৰ মৃতদেহ ব্ৰহ্মপুত্ৰ নদত পেলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰা গৈছে।

বৰ্তমান সময়ত আৰক্ষী নামি পৰিছে এই সন্দৰ্ভত পৰবৰ্তী অনুসন্ধান অভিযানত।

মাত্ৰ কিছু দিন পূৰ্বে অন্য এক চাঞ্চ্যলকৰ ঘটনা সংঘটিত হৈছিল মৰিগাঁও জিলাত। জিলাখনত বৰঙ্গাবাৰী অঞ্চলত ধান খেতিৰ মাজত উদ্ধাৰ কৰা কৰা হয় এটি নৰকংকাল। স্থানীয় লোক সকল আৰু এগৰাকী মহিলাই এই কংকাল তেওঁৰ ভাতৃৰ বুলি সন্দেহ প্ৰকাশ কৰিছে।

খবৰ অনুসৰি মহিলা গৰাকীৰ ভাতৃ নিৰুদ্দেশ হৈ আছিল যোৱা ১৭ছেপ্টেম্বৰৰ পৰা। এই ঘটনা পোহৰলৈ অহাৰ পাছতেই উক্ত স্থানত উপস্থিত হয় আৰক্ষীৰ দল আৰু নৰকংকালটো প্ৰেৰণ কৰা হয় মৰণোত্তৰ পৰীক্ষণৰ বাবে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com