Begin typing your search above and press return to search.

বৈৰী চীনক সকীয়নী! মোহনবাৰীত বায়ুসেনাই সাজু কৰিলে চিনুক হেলিকপ্টাৰ

শেহতীয়াভাবে লাডাখ সীমান্তত ভাৰতৰ দিশে আগ্ৰাসী চীনৰ সেনাৰ সঞ্চালন ঘটা বুলি চৰ্চা হৈ আছে ৷

বৈৰী চীনক সকীয়নী!  মোহনবাৰীত বায়ুসেনাই সাজু কৰিলে চিনুক হেলিকপ্টাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-05-29T12:21:33+05:30

বৈৰী চীনক সকীয়নী! মোহনবাৰীত বায়ুসেনাই সাজু কৰিলে অত্যাধুনিক চিনকুক হেলিকপ্টাৰ

প্ৰতিৱেশী কমিউনিষ্ট ৰাষ্ট্ৰ চীনৰ ভাৰতবিৰোধী আচৰণ পুনৰ প্ৰকট হোৱাৰ সময়তে ভাৰতীয় বায়ু সেনাই অত্যাধুনিক চি এইছ চিনকুক যুঁজাৰু হেলিকপ্টাৰ সাজু কৰিছে অসমত ৷ দেশৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ অন্তৰ্গত ডিব্ৰুগড়ৰ মোহনবাৰী বায়ু সেনা কেন্দ্ৰত এই অত্যাধুনিক যুঁজাৰু হেলিকপ্টাৰ সাজু কৰা হৈছে ৷ এই হেলিকপ্টাৰ ৰাষ্ট্ৰৰ সেৱাত উৎসৰ্গা কৰা হৈছে ৷ এনে সমৰ সজ্জাৰ জৰিয়তে কাৰ্যতঃ চীনক সকীয়নী প্ৰদান কৰাটো অনুমেয় হৈছে ৷

উল্লেখ্য যে শেহতীয়াভাবে লাডাখ সীমান্তত ভাৰতৰ দিশে আগ্ৰাসী চীনৰ সেনাৰ সঞ্চালন ঘটা বুলি চৰ্চা হৈ আছে ৷ ইয়াক লৈ লাডাখ সীমান্তত কিছু উত্তেজনাৰ সৃষ্টি হৈছে। ভাৰতে এই উত্তেজনা কূটনৈতিক মাধ্যমেৰে উপশম ঘটোৱাৰ চেষ্টা কৰিছে। আনহাতে, চীন-ভাৰতৰ মাজত সৃষ্ট এই উত্তেজনা মৰিষণৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মধ্যস্ততাকাৰীৰ ভূমিকা পালন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ৷ অৱশ্যে ভাৰতে ট্ৰাম্পৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে ৷

ইপিনে, চীনে অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বত আখ্যা দি নিজৰ বুলি দাবী কৰি আহিছে ৷ শেহতীয়াভাবে দেশখনৰ চৰকাৰী সংস্থাই অৰুণাচল প্ৰদেশক নিজৰ ভূ-খণ্ডৰ অন্তৰ্ভুক্ত কৰি মানচিত্ৰও অংকন কৰিছে ৷ ইয়ে দুয়োখন দেশৰ মাজৰ পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ আশংকা আছে ৷

আৰু পঢ়িব পাৰেঃৰাজ্যত আৰু ১৬ জন ক'ৰোনা আৰোগ্যক চিকিৎসালয়ৰ পৰা মুকলি

Next Story