বিশেষভাবে সক্ষম শিশুক আমোদ দিবলৈহে উৰণীয়া সেতুত জন্মদিন উদযাপন

মহিলাগৰাকীয়ে লগতে তেওঁলোকৰ জন্মদিন উদযাপনৰ ফটোখনক লৈ বহুতে ট্ৰল কৰা কাৰ্যৰ দ্বাৰা অন্তৰত আঘাত পোৱা বুলি মন্তব্য কৰে।
বিশেষভাবে সক্ষম শিশুক আমোদ দিবলৈহে উৰণীয়া সেতুত জন্মদিন উদযাপন

গুৱাহাটীৰ ছুপাৰ মাৰ্কেটত অলপতে মুকলি হোৱা উৰণীয়া সেতুত একাংশ লোকে জন্মদিন উদযাপন কৰাৰ এখন ফটো সামাজিক মাধ্যমত বিয়পি পৰিছে। বহুজনে ফটোখনত থকা লোককেইজনক সমালোচনা তথা কটাক্ষ কৰিছে। সম্প্ৰতি এই ফটো নিজৰ বুলি দাবী কৰি উৰণীয়া সেতুখনত জন্মদিন উদযাপনৰ ব্যাখ্যা আগবঢ়াইছে এজন ব্যক্তিয়ে। অৰূপ কলিতা নামৰ এই ব্যক্তিজনে কয় যে তেওঁৰ শিশু সন্তান বিশেষভাবে সক্ষম।

সন্তানক কিছু আমোদ দিবলৈ বিগত দীপাৱলীৰ দিনা উৰণীয়া সেতুত তেওঁৰ ভাড়াঘৰত থকা এগৰাকী মহিলাৰ জন্মদিন উদযাপন কৰা বুলি কলিতাই সাংবাদিকক জনায়।  " মোৰ শিশু সন্তান বিশেষভাবে সক্ষম। চাৰি নৱেম্বৰ, দিপাৱলীৰ দিনা আমাৰ ঘৰত থকা এগৰাকী মহিলাৰ জন্মদিন আছিল। আমি তেওঁলোকৰ সৈতে জন্মদিন উদযাপনৰ বাবে ৰেস্তোঁৰালৈ বুলি ওলাই গৈছিলো। উৰণীয়া সেঁতুত ব্যাপক যান-জঁটৰ সন্মুখীন হওঁ। বহু গাড়ী-মটৰ ৰৈ আছিল। গতিকে আমাৰ বিশেষভাবে সক্ষম ল'ৰাটোক কিছু মনোৰঞ্জন দিবলৈ উৰণীয়া সেতুৰ ওপৰতে কেক কাটো। সি আন মানুহৰ মাত-কথা বুজি নাপায়।

হেপ্পী বাৰ্থডে বুলি কওঁতে সি কিছু আনন্দ পালে.'' কলিতাই এইদৰে কয়। শিশুটিৰ মাতৃয়েও একে কথাই সাংবাদিকৰ আগত কয়। মহিলাগৰাকীয়ে লগতে তেওঁলোকৰ জন্মদিন উদযাপনৰ ফটোখনক লৈ বহুতে ট্ৰল কৰা কাৰ্যৰ দ্বাৰা অন্তৰত আঘাত পোৱা বুলি মন্তব্য কৰে। তেওঁ কয় যে দেশত আন বহু কথা আছে। মানুহে সেইবোৰক লৈ ব্যস্ত হোৱা উচিত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com