Begin typing your search above and press return to search.

ক'ৰ'না ভাইৰাছৰ ভেকচিন উলিয়ালেঃ এইবাৰ ইটালীৰ বিজ্ঞানীৰ দাবী

মানৱ শৰীৰৰ কোষত প্ৰৱেশ কৰা ক'ৰ'না ভাইৰাছ নিষ্ক্ৰীয় কৰিব পৰা ভেকচিন তৈয়াৰ কৰিবলৈ সক্ষম হৈছে

কৰনা ভাইৰাছৰ ভেকচিন উলিয়ালেঃ এইবাৰ ইটালীৰ বিজ্ঞানীৰ দাবী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 May 2020 6:05 AM GMT

বিশ্বজুৰি মহামাৰীৰ সৃষ্টি কৰা ক'ৰ'না ভাইৰাছৰ প্ৰতিষেধক (ভেকচিন) উলিয়াবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে ইটালীৰ একাংশ চিকিৎসা বিজ্ঞানীয়ে। এদিন পূৰ্বে ইজৰাইলৰ একাংশ বিজ্ঞানীয়ে এনে এক দাবী কৰাৰ পাছত ইটালীৰ এইসকল চিকিৎসা বিজ্ঞানীয়ে দাবী কৰিছে যে তেওঁলোকে মানৱ শৰীৰৰ কোষত প্ৰৱেশ কৰা ক'ৰ'না ভাইৰাছ নিষ্ক্ৰীয় কৰিব পৰা ভেকচিন তৈয়াৰ কৰিবলৈ সক্ষম হৈছে ৷ ইটালীৰ টাকিছ নামৰ সংস্থাটোৰ বিজ্ঞানীয়ে এই দাবী কৰিছে ৷ এই সম্পৰ্কত টাকিছৰ মুখ্য কাৰ্যবাহী বিষয়া লুইগি অৰিছিচিঅ'ৱে কয়, " আমি ৰোমৰ স্পালাঞ্জানী হাস্পতালত এই ভেকচিনৰ পৰীক্ষা কৰি সফল হৈছো ৷ আমিয়েই বিশ্বত প্ৰথম যি মানৱ শৰীৰত ক'ৰ'না ভাইৰাছ নিষ্ক্ৰীয় কৰিব পৰা ভেকচিন উলিয়াবলৈ সক্ষম হৈছো ৷" এই ভেকচিনে ক'ৰ'না ভাইৰাছৰ ৰাসায়নিক গঠন ভাঙি পেলাব পাৰে বুলিও তেওঁ দাবী কৰে। আনহাতে, ইয়াৰ পূৰ্বে ইজৰাইলৰ ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী নাফটালি বেনেটে কয় য়ে ক'ৱিড-১৯ ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত এয়া হৈছে এক বৃহৎ সফলতা। মন্ত্ৰীজনে প্ৰকাশ কৰা অনুসৰি ইজৰাইল ইনষ্টিটিউট ফৰ বায়োলজিকেল ৰিচাৰ্ছে এক এণ্টিবডী ( monoclonal neutralising antibody)ৰ বিকাশ সাধন কৰিবলৈ সক্ষম হৈছে। এই এণ্টীবডীয়ে বাহকৰ শৰীৰৰ ভিতৰতে ক'ৰ'না ভাইৰাছক নিষ্ক্ৰীয় আৰু অকামিলা কৰিব পাৰে। অৱশ্যে বৰ্তমানলৈ মানৱ শৰীৰত এই প্ৰতিষেধক বা ভেকচিনৰ প্ৰয়োগ হোৱা নাই।

উল্লেখ্য যে কিছুদিন পূৰ্বে বৃটেইনৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ে মানুহৰ দেহত কৰালে ক'ৰ'না ভেকচিনৰ প্ৰথমটো পৰীক্ষণ। দুগৰাকী স্বেচ্ছাসেৱকৰ দেহত সম্পন্ন কৰা হয় এই ভেকচিনৰ পৰীক্ষণ। এই ভেকচিনৰ পৰীক্ষণ সফল হ'লেই বিশ্ববাসীলৈ আহিব পাৰে এক অতি সুখবৰ। ভেকচিন সফল হ'লেই পৰাভূত কৰিব পৰা যাব মহামাৰী কৰ'নাক। প্ৰথম অৱস্থাত এলিছা গ্ৰেণেট' নামৰ এগৰাকী বিজ্ঞানী স্বেচ্ছাসেৱীৰ ওপৰত এই পৰীক্ষণ সম্পন্ন কৰা হয়। এলিছাই এই সম্পৰ্কত মন্তব্য কৰে যে তেওঁ নিজেও এগৰাকী বিজ্ঞানী, গতিকে যিমান দূৰ সম্ভৱ গৱেষণামূলক পৰীক্ষাত সহায় কৰিব বিচাৰে। লগতে এই ভেকচিনৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে। আনহাতে, কৰ'নাক লৈ আতংক বৃদ্ধি পোৱাৰ সময়তে মঙলবাৰে টাস্ক ফ'ৰ্চৰ সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই বৈঠকত ভেকচিনৰ অগ্ৰগতি, ঔষধৰ সন্ধান, চিকিৎসা পদ্ধতি আদি বিষয়ক লৈ আলোচনা কৰা হয়। আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হয় যে অতি কমেও ৩০ বিধ ভেকচিনক লৈ বিভিন্ন পৰ্যায়ত সন্ধান আৰু গৱেষণা চলি আছে। ইপিনে, দেশত ৫০ হেজাৰৰ ঘৰক স্পৰ্শ কৰিলে ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যাই।

আৰু পঢ়িব পাৰেঃ অসমত আবদ্ধ হৈ থকা বাহিৰৰ ৰাজ্যৰ লোকৰ বাবে আৰম্ভ হৈছে পঞ্জীয়ন

Next Story
চাকৰি