অন্ততঃ ৩০জুনলৈকে ভক্ত-দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব পাৰে কামাখ্যা শক্তিপীঠ

তেওঁ অহা ১ জুলাইৰ পৰা ভক্ত-দৰ্শনাৰ্থীৰ বাবে কামাখ্যা মন্দিৰৰ দ্বাৰ মুকলিৰ ইংগিত দিয়ে।
অন্ততঃ ৩০জুনলৈকে ভক্ত-দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব পাৰে কামাখ্যা শক্তিপীঠ

কেন্দ্ৰীয় চৰকাৰে আজি ৮জুনৰ পৰা ধৰ্মীয় স্থানসমূহ মুকলিৰ অনুমতি দিছে ৷ ক'ৰ'না মহামাৰীত লক্ষাধিক লোক আক্ৰান্ত হোৱাৰ সময়তে কেন্দ্ৰই পূৰ্বে কৰা ঘোষণা অনুসৰি ৰাজহুৱা ধৰ্মীয় স্থানসমূহ আজিৰ পৰা মুকলিৰ অনুমতি দিছে ৷ তৎসত্বেও গুৱাহাটীৰ কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই ভক্ত-দৰ্শনাৰ্থীৰ বাবে মন্দিৰৰ দ্বাৰ মুকলি কৰা নাই ৷ উল্লেখ্য যে কামাখ্যা মন্দিৰ হৈছে দেশৰ ৫১খন অন্যতম শক্তিপীঠ ৷ কামাখ্যা মন্দিৰৰ দ্বাৰ অন্ততঃ অহা ৩০জুনলৈকে বন্ধ ৰখাৰ ইংগিত দিছে মন্দিৰ পৰিচালনা কৰ্তৃপক্ষই ৷ এই সম্পৰ্কত কামাখ্য মন্দিৰৰ সৰু দলৈ কপিন্দ প্ৰসাদ শৰ্মাই কয় যে মন্দিৰৰ দ্বাৰ ভক্ত-দৰ্শনাৰ্থীৰ বাবে মুকলিক লৈ মন্দিৰৰ কৰ্তৃপক্ষৰ মাজত আলোচনা অব্যাহত আছে ৷ মন্দিৰৰ দ্বাৰ ভক্ত-দৰ্শনাৰ্থীৰ বাবে মুকলিৰ সিদ্ধান্ত নোলোৱাৰ কাৰণ ব্যাখ্যা কৰি শৰ্মাই আৰু কয়, " যেনে ধৰণৰ ভক্ত-দৰ্শনাৰ্থী তথা পৰ্যটকক আমাৰ এই শক্তিপীঠে আকৰ্ষণ কৰে ৷ তাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিবেচনা কৰিছো যে ক'ৰ'নাৰ প্ৰাদুৰ্ভাব প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় সামাজিক দূৰত্ব বৰ্তাই ৰখাটো আমাৰ বাবে সম্ভৱপৰ নহ'ব পাৰে ৷" তদুপৰি মন্দিৰত প্ৰতিবছৰে সমাগম ঘটা ভক্তৰ বাবে ব্যৱস্থা কৰা খাদ্য আৰু আশ্ৰয় ব্যৱস্থা এইবাৰ কৰাটো সম্ভৱ নোহোৱাৰ পৰিপ্ৰেক্ষিততো ভক্ত-দৰ্শনা্ৰ্থীৰ বাবে এতিয়াই দ্বাৰ মুকলিৰ সিদ্ধান্ত লোৱা নাই বুলিও সৰু দলৈ শৰ্মাই কয় ৷ তেওঁ অহা ১ জুলাইৰ পৰা ভক্ত-দৰ্শনাৰ্থীৰ বাবে কামাখ্যা মন্দিৰৰ দ্বাৰ মুকলিৰ ইংগিত দিয়ে। , কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি আজিৰ পৰা ৰাজ্যৰ ধৰ্মীয় স্থানসমূহ মুকলি কৰা হৈছে । বালাজী, বশিষ্ট মন্দিৰ আদিৰ লেখীয়া ৰাজ্যৰ প্ৰসিদ্ধ ধৰ্মীয় স্থানসমূহত আজি পুৱাৰ প্ৰাৰ্থনা আগবঢ়োৱা হয় ৷ এনে স্থানসমূহত পুৱা কিছুসংখ্যক ভক্তৰ সমাগম ঘটে ৷ মন্দিৰসমূহত ভক্তসকলে সামাজিক দূৰত্ব বৰ্তাই ৰাখে ।বালাজী মন্দিৰত আজি পুৱাৰ পৰা ৩৫গৰাকী ভক্তৰ সমাগম ঘটে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com