মণিপুৰত ৩০জুনলৈকে বৃদ্ধি ল'ক-ডাউনৰ ম্যাদ

নিষেধাজ্ঞাসমূহ কৃষি-কৰ্ম, এম এছ এম ই উদ্যোগ, এনৰেগাৰ কাম-কাজ, উদ্যানশস্যৰ সৈতে জড়িত কাম-কাজৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব।
মণিপুৰত ৩০জুনলৈকে বৃদ্ধি ল'ক-ডাউনৰ ম্যাদ

মণিপুৰত ৩০জুনলৈকে বৃদ্ধি ল'ক-ডাউনৰ ম্যাদ

কালি ৩১মে'ত অন্ত পৰা তলাবন্ধ বা ল'ক-ডাউনৰ ম্যাদ অহা ৩০জুনলৈ বৃদ্ধি কৰিছে মণিপুৰ চৰকাৰে । আজি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই কথা ঘোষণা কৰে। শেহতীয়াভাবে ৰাজ্যখনত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সিং চৰকাৰে ল'কডাউনৰ ম্যাদৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে লক-ডাউনৰ এই বৰ্ধিত সময়ত আৰোপিত নিষেধাজ্ঞাসমূহ কৃষি-কৰ্ম, এম এছ এম ই উদ্যোগ, এনৰেগাৰ কাম-কাজ, উদ্যানশস্যৰ সৈতে জড়িত কাম-কাজৰ ক্ষেত্ৰত প্ৰযোজ্য নহব। এই কথা সদৰী কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী সিঙে কয় যে বাহিৰৰ পৰা লোকৰ ক্ষেত্ৰত আনুষ্ঠানিক কোৱাৰেণ্টিন ব্যৱস্থা বাহাল থাকিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com