মোৰ মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছেঃ পীযুষ হাজৰিকা

কালি তেওঁ কৰা এক মন্তব্য একাংশ সাংবাদিকে ভুল আৰু অতিৰঞ্জিত কৰি প্ৰচাৰ কৰে বুলি মন্ত্ৰী হাজৰিকাই আজি ক্ষোভ প্ৰকাশ কৰে।
মোৰ মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছেঃ পীযুষ হাজৰিকা
Published on

ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই শনিবাৰে দাবী কৰে যে তেওঁ সৰ্বানন্দ সোণোৱালৰ স্থানত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বিচৰা বুলি মন্তব্য কৰা নাছিল। কালি তেওঁ কৰা এক মন্তব্য একাংশ সাংবাদিকে ভুল আৰু অতিৰঞ্জিত কৰি প্ৰচাৰ কৰে বুলি মন্ত্ৰী হাজৰিকাই আজি ক্ষোভ প্ৰকাশ কৰে। ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী তথা জাগীৰোডৰ বিধায়ক হাজৰিকাই আজি নগাঁৱত সাংবাদিকৰ আগত কয়,

" ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বাবে যোগ্য হয়নে নহয় বুলি সোধা প্ৰশ্নৰ উত্তৰতহে  কৈছিলো তেওঁ সম্পূৰ্ণ যোগ্য বুলি। কিন্তু সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়ত দ্বিতীয়জনৰ কথা অহাই নাই। এয়া একাংশ সংবাদ মাধ্যম তথা সাংবাদিকহে ৰহণ সানি মোৰ ভাষ্যক বিকৃত ৰূপত উপস্থাপন কৰিছে।"

স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণৰ পিছতে নগাঁও আৱৰ্ত ভৱনত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষ্য সাংবাদিকেহে ৰহণ সানি প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে।

এদিন পূ্ৰ্বে তেজপুৰত মন্ত্ৰীগৰাকীয়ে কয়, 'মোৰ ক্লীয়াৰ কাট কথা, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ সম্পূৰ্ণযোগ্য। যোৱা ২০ বছৰে তেওঁ অতি সফল মন্ত্ৰী। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেয়া দল আৰু নিৰ্বাচিত বিধায়কে নিৰ্ধাৰণ কৰি‍ব।'

মন্ত্ৰী পিয়ুষ হাজৰিকাৰ এই মন্তব্যৰ পিছতে সমগ্ৰ ৰাজ্যৰ ৰাজনীতি তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। বিজেপিতো কংগ্ৰেছৰ দৰে মুখ্যমন্ত্ৰী ভঙা-পতাৰ ৰাজনীতি আৰম্ভ হৈছে বুলিও একাংশই মন্তব্য কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com