নগাঁও : দেহ ব্যৱসায় চলোৱাৰ বাবে আটক ০৯গৰাকীক

এই অভিযান যোগে নগাওঁ আৰক্ষী সফল হৈছে ০৪গৰাকী মহিলাকে ধৰি মুঠ ০৯গৰাকী লোকক আটক কৰিবলৈ
নগাঁও : দেহ ব্যৱসায় চলোৱাৰ বাবে আটক ০৯গৰাকীক

যোৱা সোমবাৰ, ৬ ডিচেম্বৰ ২০২১, তাৰিখে নগাঁও আৰক্ষীৰ দ্বাৰা দেহ ব্যৱসায়ীৰ বিৰুদ্ধে চলোৱা হয় এক গুৰুত্বপূৰ্ণ অভিযান। নগাঁও আৰক্ষীৰ এই অভিযান যোগে ফাদিল কৰা হয় ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ৰ, বৰঘাট অঞ্চলৰ কাষতে অৱস্থিত এক ধাবাৰ প্ৰতি চলি থকা এক যৌন ব্যৱসায়।

তথ্য অনুসৰি, দেহ ব্যৱসায়ীৰ বিৰুদ্ধে চলোৱা এই অভিযান যোগে নগাওঁ আৰক্ষী সফল হৈছে ০৪গৰাকী মহিলাকে ধৰি মুঠ ০৯গৰাকী লোকক আটক কৰিবলৈ। উল্লেখযোগ্য যে বৰঘাট অঞ্চলৰ সমীপতে অৱস্থিত জুইহাল নামৰ এখনি ধাবাৰ পৰা ইচ্ছাকৃত ভাৱে চলোৱা হৈছিল এই মানৱ দেহৰ ব্যৱসায়ী।

টুইটাৰৰ এটি সৰু চেনেলৰ যোগে নগাঁও আৰক্ষীয়ে প্ৰকাশ কৰিছে যে, "অন্য এক দেহ ব্যৱসায় ফাদিল। এই ব্যৱসায়ী চলোৱা হৈছিল ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ত অৱস্থিত বৰঘাট অঞ্চলৰ সমীপতে স্থিত জুই হাল নামৰ এখনি ধাবাৰ পৰা। গ্ৰেপ্তাৰ কৰা হৈছে ০৯গৰাকীক।"

তথ্য অনুসৰি বৰ্তমান পৰবৰ্তী অনুসন্ধান অব্যাহত।

বৰ্তমান সময়ত এনে ধৰণৰ ঘটনা অতি স্বাভাৱিক হৈ পৰিছে। কিছু দিন পূৰ্বে হোজাইৰ, নিলবাগেন অঞ্চলৰ এগৰাকী মহিলাক ঘৰুৱা সহায়িকাৰ বৃত্তিৰ প্ৰলোভন দি বিক্ৰী কৰা হৈছিল কুৱেইটৰ, কট্টৰত।

উক্ত মহিলা গৰাকীয়ে এক ভিডিঅ'ৰ যোগে সহায়ৰ প্ৰাৰ্থনা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এম পি বদৰুদ্দিন আজমলৰ পৰা।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com