কলেজসমূহৰ পৰা একাদশ-দ্বাদশ শ্ৰেণী হাইস্কুললৈ নিয়া হ'বঃ শিক্ষামন্ত্ৰী

শিক্ষকসকলৰ বাবে বিশেষ প্ৰশিক্ষণৰো ব্যৱস্থা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত কৰা হৈছে বুলি মন্ত্ৰীজনে উল্লেখ কৰে।
কলেজসমূহৰ পৰা একাদশ-দ্বাদশ শ্ৰেণী হাইস্কুললৈ নিয়া হ'বঃ শিক্ষামন্ত্ৰী
Published on

অচিৰেই অসম তথা দেশৰ শিক্ষা খণ্ডই এটা বৃহত পৰিৱৰ্তনৰ সাক্ষা হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। বুধবাৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে কয় যে ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণী আঁতৰাই দুয়োটা শ্ৰেণীক হাইস্কুলসমূহৰ লগত সংলগ্ন কৰা হব। মহাবিদ্যালয়সমূহত স্নাতকোত্তৰ মহলাৰ পাঠদান কৰা হ'ব। এই ব্যৱস্থা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি অসম চৰকাৰে গ্ৰহণ কৰিছে।

শিক্ষা মন্ত্ৰী পেগুৱে কয় যে নতুন শিক্ষা নীতি অনুসৰি প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈ প্ৰাথমিক আৰু নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ মাধ্যমিক স্তৰৰূপে বিবেচনা কৰা হৈছে। শিক্ষকসকলৰ বাবে বিশেষ প্ৰশিক্ষণৰো ব্যৱস্থা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত কৰা হৈছে বুলি মন্ত্ৰীজনে উল্লেখ কৰে।

তেওঁ লগতে কয় যে বৰ্তমানে অসমত ২ লাখ শিক্ষক-শিক্ষয়িত্ৰী আছে। এই শিক্ষক-শিক্ষয়িত্ৰী আৰু অহা মাৰ্চলৈকে নিয়ুক্তি পাব লগা শিক্ষক-শিক্ষয়িত্ৰীৰ জৰিয়তে ৰাজ্যত নতুন শিক্ষা নীতি ৰূপায়নৰ লক্ষ্য লৈছে চৰকাৰে। ইতিমধ্যে অসমত নিপুন অভিযান মুকলি কৰাৰ কথাও মন্ত্ৰীজনে সংবাদমেলত উনুকীয়ায়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com