Begin typing your search above and press return to search.

ক'ৰ'নাঃ অসমত নৈশ কাৰ্ফিউ অব্যাহত থকাৰ সম্ভাৱনা

মূলতঃ যাতে ক’ৰ’নাৰ সংক্ৰমণ অধিক বৃদ্ধি নাপায়, সেয়া নিশ্চিতকৰণৰ উদ্দেশ্যে নৈশ কাৰ্ফিউ অব্যাহত ৰখাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

কৰনাঃ অসমত নৈশ কাৰ্ফিউ অব্যাহত থকাৰ সম্ভাৱনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 July 2020 10:35 AM GMT

ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত অসমত নৈশ কাৰ্ফিউ অব্যাহত থকাৰ সম্ভাৱনা আছে। কেন্দ্ৰৰ নিৰ্দেশনা সত্বেও ক'ৰ'নাৰ সংক্ৰমণ ৰোধৰ স্বাৰ্থত ৰাজ্য চৰকাৰে নৈশ কাৰ্ফিউ বা সান্ধ্য আইন অব্যাহত ৰখাৰ সম্ভাৱনা আছে। প্ৰাপ্ত তথ্য অনুসৰি ক'ৰ'নাৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত অন্যান্য নিষেধাজ্ঞাসমূহৰ লগতে নৈশ কাৰ্ফিউ অব্যাহত ৰখাৰ গুণাগঁথা কৰিছে। মূলতঃ যাতে ক'ৰ'নাৰ সংক্ৰমণ অধিক বৃদ্ধি নাপায়, সেয়া নিশ্চিতকৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে নৈশ কাৰ্ফিউ অব্যাহত ৰখাৰ সম্ভাৱনা বৃদ্ধি পাইছে। উল্লেখ্য যে সমগ্ৰ দেশৰ লগতে অসমতো যোৱা ২৫ মাৰ্চৰ পৰা নৈশ কাৰ্ফিউ বলবত কৰা হয়। সম্প্ৰতি ৰাজ্যৰ স্বাস্থ্য বিভাগে ক'ৰ'না মহামাৰীৰজনিত পৰিস্থিতিৰ বুজ লৈ আছে।

এই সম্পৰ্কত আলোচনাৰ বাবে অহা ২ আগষ্টত স্বাস্থ্য বিভাগে এক বৈঠকৰ আয়োজন কৰিছে। অৱশ্যে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিয়ে যে অসমত নিষেধাজ্ঞাসমূহ অন্ততঃ অহা ১৫ আগষ্টলৈকে বলবত থকাৰ সম্ভাৱনা আছে। " মই অনুভৱ কৰো যে ১৫ আগষ্টলৈকে আমি লক-আনলকৰ বিকল্প বাছি ল'ব লাগিব। আমি অনুভৱ কৰো যে অহা ১৫ আগষ্টলৈকে নিষেধাজ্ঞাসমূহ বলবত থাকিব। পৰিস্থিতি লাহে লাহে পুনৰ স্বাভাৱিক হ'বলৈ ধৰিছে"।

উল্লেখ্য যে কেন্দ্ৰই অলপতে জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা ৫ আগষ্টৰ পৰা দেশত কণ্টেইনমেণ্ট মণ্ডলসমূহৰ বাহিৰে আন স্থানসমূহত পুনৰ ব্যায়ামাগাৰ আৰু যোগ কেন্দ্ৰসমূহ মুকলি কৰা হব।

আৰু পঢ়িব পাৰেঃ স্মৃতি দিৱসত নটসূৰ্য ফণী শৰ্মালৈ সোণোৱালৰ শ্ৰদ্ধাঞ্জলী

Next Story
চাকৰি