উত্তৰ পূবৰ ৩খন ৰাজ্যত প্ৰযোজ্য নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক

উত্তৰ পূবৰ ৩খন ৰাজ্যত প্ৰযোজ্য নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক

উত্তৰ পূবৰ ৩খন ৰাজ্যত প্ৰযোজ্য নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক।সংশোধিত নাগৰিকত্ব সংশোধনী বিধেয়কখন প্ৰযোজ্য হোৱাৰ পৰা উত্তৰ পূবৰ তিনিখন ৰাজ্য বাদ দিয়া হৈছে।অন্যহাতে আন তিনি খন ৰাজ্যৰ জনগোষ্ঠীয় এলেকাসমূহটো বিধেয়কখন

প্ৰযোজ্য নহয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে এই কথা স্পষ্ট কৰে বিধেয়কখনৰ সম্পূৰ্ণ বিৰোধীতা কৰা উত্তৰ পূবৰ চাৰি সংগঠনেৰ ন জন প্রতিনিধিৰে হোৱা আলোচনাৰ পিছত।

উত্তৰ পূবত বিধেয়কখন প্ৰযোজ্য নোহোৱা তিনিখন ৰাজ্য হল অৰুণাচল,নাগালেণ্ড আৰু মিজোৰাম। উল্লেখযোগ্য এই কেইখন ৰাজ্যত ইনাৰ লাইন পাৰ্মিত (আই এল পি) প্ৰযোজ্য হৈ আছে।আই এল পি এক ভ্ৰমণ পত্ৰ যি ভাৰত চৰকাৰে কৰে যত এক সংৰক্ষিত স্থানলৈ এক নিদিষ্ট সময়ৰ বাবে যাবলৈ ভাৰতীয় নাগৰিকক অনুমতি দিয়া হয়।

বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেচন ১৮৭৩ ৰ দ্বিতীয় ধাৰা অনুসৰি ,আই এল পি বৰ্তমান সময়ত প্ৰাযোজ্য হৈ আছে অৰুণাচল,মিজোৰাম আৰু নাগালেণ্ডত।সংশোধিত নাগৰিকত্ব সংশোধনী বিধেয়ক অনুসৰি ৰাজনৈতিক ভাবে অতি স্পশকাতৰ বিলখন অসম,মেঘালয় আৰু ত্ৰিপুৰাৰ জনগোষ্ঠীয় অঞ্চল যত স্বায়ত্ব পৰিষদ আৰু জিলা সমূহ আছে যি সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি গঠন হৈছে তেনে অঞ্চল সমূহত বিধেয়ক খন প্ৰযোজ্য নহয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com