ক'ৰ'না ৰোগীৰ বাবে অক্সিজেনৰ নাটনি হোৱা নাইঃ কেন্দ্ৰ

স্বাস্থ্য মন্ত্ৰালয়ে স্পষ্টভাবে কয় যে ক’ৰ’না ৰোগীৰ বাবে অক্সিজেনৰ নাটনি হোৱাটো দূৰৈৰে কথা, বৰঞ্চ হেজাৰ হেজাৰ মেট্ৰিকটন অক্সিজেন ৰাহিহে হৈছে।
ক'ৰ'না ৰোগীৰ বাবে অক্সিজেনৰ নাটনি হোৱা নাইঃ কেন্দ্ৰ

দেশত ক'ৰ'না ৰোগীৰ বাবে অক্সিজেনৰ কোনো নাটনি হোৱা নাই ৷ ৰোগীৰ চিকিৎসাত ব্যৱহৃত অক্সিজেনৰ নাটনি হোৱা বুলি বিভিন্ন মাধ্যমত চলা প্ৰচাৰ খণ্ডন কৰি এই কথা স্পষ্ট কৰি দিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। মঙলবাৰে স্বাস্থ্য মন্ত্ৰালয়ে স্পষ্টভাবে কয় যে ক'ৰ'না ৰোগীৰ বাবে অক্সিজেনৰ নাটনি হোৱাটো দূৰৈৰে কথা, বৰঞ্চ হেজাৰ হেজাৰ মেট্ৰিকটন অক্সিজেন ৰাহিহে হৈছে। উল্লেখ্য যে চিকিৎসাত ব্যৱহৃত অক্সিজেন চিকিৎসালয়সমূহত অক্সিজেন থেৰাপীত ব্যৱহাৰ কৰা হয় ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৰ্তমানে দেশত ৩.৬৯ শতাংশত ক'ৰ'না ৰোগীক অক্সিজেন থেৰাপী দিয়া হৈছে ৷ ২.১৭ শতাংশ ৰোগীক আই চি ইউত ভৰ্তি কৰা হৈছিল ৷ ০.৬ শতাংশ ৰোগীক অক্সিজেনসহ ভেণ্টিলেটৰত ৰখা হৈছে। এই কথা সদৰী কৰি মঙলবাৰে এখন সংবাদমেলত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষনে কয়, " ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰকৃততে অক্সিজেনৰ কোনো নাটনি নাই। তাৰ পৰিৱৰ্তে দেশত ১৯শ মেট্ৰিকটন অক্সিজেন ৰাহি হৈ আছে ৷" সাম্প্ৰতিক দেশৰ স্বাস্থ্যখণ্ডৰ অৱস্থা ব্যাখ্যা কৰি ভুষণে লগতে কয় যে দেশত বৰ্তমানে ৬, ৯০০ৰো অধিক মেট্ৰিকটন অক্সিজেন উৎপাদন কৰিব পৰা হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com