এতিয়া এই আন্দোলন কেৱল অস্তিত্ব ৰক্ষাৰ বাবে: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ‌

এতিয়া এই আন্দোলন কেৱল অস্তিত্ব ৰক্ষাৰ বাবে: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ‌
Published on

এতিয়া এই আন্দোলন কেৱল অস্তিত্ব ৰক্ষাৰ বাবে: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ‌। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । ৰাজ্যৰ বিভিন্ন দল সংগঠন, ছাত্ৰ সমাজ, শিল্পী সমাজকে ধৰি সাধৰণ জনতাই ও ওলাই আহিছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনৰ ৰূপত এয়া এক অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে কৰা এক যুঁজ।

লগতে নাগৰিকত্ব সংশোধনী আইনৰ বাবে হোৱা প্ৰতিবাদত মৃত্যু হোৱা তিনি জন লোকক " অস্তিত্ব ৰক্ষাৰ বাবে ছহিদ" ঘোষনা কৰে ।

শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত হোৱা এক সংবাদ মেলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধৰণ সম্পাদক পলাশ চাংমাই কয় যে তেওঁলোকে এই আন্দোলন ৰাজ্যৰ প্ৰতিখন গাঁওলৈ বিয়পাই পেলাব । ইয়াৰ সমান্তৰালভাৱে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তেওঁলোকৰ যুঁজ আগুৱাই লৈ যাব বুলি কয় পলাশ চাংমাই।

শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্য ব্যাপী ছয় ঘন্টা জোৰা অনশন কাৰ্যসূচী ৰূপায়ন কৰে। লগতে সংগঠনটোৱে ৰাজ্য ব্যাপী ১৬ ডিচেম্বৰ তাৰিখৰ পৰা ১৮ ডিচেম্বৰ তাৰিখলৈ ৩৬ ঘন্টা জোৰা অনশন (ভোক হৰতাল) কাৰ্যসূচী ৰূপায়ন কৰিব । লগতে গাৱে গাৱে নাগৰিকত্ব সংশোধনী আইনৰ ফলত হ'ব লগীয়া ক্ষতি সমূহৰ ওপৰত এক আলোচনা আৰু ৰাইজক সজাগ কৰিবলৈ সমদল উলিয়াব ।সংগঠনটোৱে এক নতুন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰিব " নাগৰিকত্ব সংশোধনী আইন নামানো, ইনাৰ লাইন পাৰ্মিট মানিম " ।

ভিডিঅ প্ৰতক্ষ্য কৰক : RD Junior College Students Stage Massive Protest against CAB

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com