নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৱে আৱেদন কৰিব উচ্চতম ন্যায়ালয়ত

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৱে আৱেদন কৰিব উচ্চতম ন্যায়ালয়ত

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৱে আৱেদন কৰিব উচ্চতম ন্যায়ালয়ত । অৱশেষত ৰাজ্যসভাতো গৃহীত হয় জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ । গৃহীত হোৱাৰ পিছতেই এই বিধেয়ক খন ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুমতি মৰ্মে আইনত পৰিণত । সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এক আবেদন জাৰি কৰে ।

ছাত্ৰ সংগঠনটোৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি শুকুৰবাৰে এপেক্স কোৰ্টে আৱেদন নং ৪৫১২৪ ত আৱেদন জাৰি কৰে। এই আৱেদন খনত স্বাক্ষৰ প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে আৰু সাধৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়ক‌ ৯ ডিচেম্বৰ তাৰিখে মাজনিশা লোকসভাত গৃহীত হয় আৰু তাৰ পিছতেই ১১ ডিচেম্বৰ তাৰিখে এই বিধেয়ক খন ৰাজ্য সভাত গৃহীত হয়।

শুকুৰবাৰে নতুন দিল্লীৰ পৰা উভতি আহি দিপাংক কুমাৰ নাথে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন অতি দীঘলীয়া ভাৱে চলিব ।

সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসম সাহিত্য সভাই ও নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত লয়। দ্যা চেন্টিনেলৰ আগত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ৰ বিষয়ে আলোচনা কৰাৰ বাবে এখন জৰুৰীকালীন বৈঠক অনুষ্ঠিত কৰা হ'ব । অসম সাহিত্য সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকে কোনো পধ্যেই নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ নকৰে । অসম সাহিত্য সভাই এপেক্স কোৰ্টত নাগৰিকত্ব সংশোধনী বিধেয়কক প্ৰত্যাহ্বান জনাব ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব অসম সাহিত্য সভাই। লগতে অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে কয় যে অসমৰ জনসাধাৰণে অসম চুক্তিৰ মৰ্মে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা এজনো বাংলাদেশীৰ বোজা গ্ৰহন নকৰে । লগতে তেওঁ কয় যে অসমীয়া ভাষাটো চৰকাৰী ভাষা হিচাপে আৰু বিশ্ববিদ্যালয় পৰ্যায়লৈ অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহন কৰিব ।

ভিডিঅ প্ৰতক্ষ্য কৰক : RD Junior College Students Stage Massive Protest against CAB

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com