Begin typing your search above and press return to search.

অসমৰ পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক, সান্ধ্য আইন কিছু পৰিমাণে শিথিল

অসমৰ পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক, সান্ধ্য আইন কিছু পৰিমাণে শিথিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Dec 2019 8:26 AM GMT

অসমৰ পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক, সান্ধ্য আইন কিছু পৰিমাণে শিথিল । অসমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰৰ পৰা অসমৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটীতো সান্ধ্য আইন জাৰি কৰা হৈছিল । তাৰ পিছতেই শুক্ৰবাৰৰ পৰা ক্ৰমান্বয়ে পৰিস্থিতি শিথিল হোৱা দেখা গৈছে।

ৰাজ্যত চলি থকা অৱস্থাৰ বাবেই বিভিন্ন স্থানৰ লগতে গুৱাহাটীতো দোকান পোহৰ বন্ধ হৈ আছিল যাৰ ফলত মহানগৰবাসীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছে ।তাৰ পিছতেই শুকুৰবাৰে পুৱাৰ ভাগত কিছুমান শাক পাচলিৰ দোকান খোলা দেখা যায় লগতে গ্ৰাহকৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়। কিছু সময়ৰ ভিতৰতে সকলো ধৰণৰ বস্তু বাহিনী বিক্ৰী হোৱা দেখা যায় ।

কামৰূপ (এম) জিলা প্ৰশাসনে কোৱা অনুসৰি যদি অহা ১২ ঘন্টালৈ কোনো ধৰণৰ অসুবিধা জনক পৰিস্থিতিৰ সৃষ্টি নহয় তেন্তে তেতিয়া হলে সান্ধ্য আইন উঠাই লোৱা হ'ব । সূত্ৰৰ দ্বাৰা জনা অনুসৰি প্ৰশাসনে আৰু কৈছে যে গুৱাহাটীৰ বিভিন্ন স্থানৰ পেট্ৰল পাম্প বোৰ মেজিষ্ট্ৰেটৰ তত্বাৱধানত থাকিব।

তদুপৰি শুকুৰবাৰে কামৰূপ (এম) জিলা প্ৰশাসনে গুৱাহাটীৰ বিভিন্ন স্থান পৰ্যবেক্ষণ কৰি ৰাজপথত হোৱা ক্ষয় ক্ষতি সমূহ ঠিক ঠাক কৰে । লগতে ৰাজপথত থকা বিভিন্ন ধৰণৰ সামগ্ৰী শিল পাথৰ আদি চাফাই কৰে যি সমূহ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ ফলত হৈছিল।

লগতে পৰিবহন বিভাগে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, বৰঝাৰত থকা যাত্ৰী সকলৰ বাবে ৩০ খন বাছৰ ব্যৱস্থা কৰে । বিমান‌ যাত্ৰী সকলক শুকুৰবাৰে পল্টন বজাৰলৈ লৈ অহা হয় । তদুপৰি পৰিবহন বিভাগে বিশেষ বাছৰ ব্যৱস্থা কৰে নিউ জলপাইগুৰি আৰু বঙাইগাঁও ৰেল ষ্টেচনৰ যাত্ৰী সকলৰ বাবে।

প্ৰশাসনে জনোৱা অনুসৰি শুকুৰবাৰে মহানগৰীত হৈ থকা জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদত দুজন যুৱকৰ মৃত্যু হয়।‌কিন্ত বেচৰকাৰী ভাৱে মৃত্যুৰ সংখ্যা তিনি জন‌ বুলি জানিব পৰা গৈছে ।

ৰাজ্যৰ কোনো লোকে সমস্যাৰ সন্মুখীন হ'লে জৰুৰীকালীন নম্বৰ ১০৭৯ আৰু ৯৪০১০৪৪৬১৭ ত ফোন কৰিব পাৰে লগতে কামৰূপ (এম) জিলা প্ৰশাসনে জাৰি কৰা দুটা জৰুৰীকালীন নম্বৰ হ'ল ১০৭৭ আৰু ০৩৬১/২৭৩৩০৫২ ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যসভাত গৃহীত হল কেব

ভিডিঅ প্ৰতক্ষ্য কৰক : RD Junior College Students Stage Massive Protest against CAB

Next Story
চাকৰি