ৰিপুন বৰা তুলুঙা কথাৰ ভঁৰালঃ সাংসদ পল্লৱ লোচন

স্বাস্থ্য মন্ত্ৰী শৰ্মাই বিৰোধীক দৈনিক ১০০ কৈ গ'ল দিয়াৰ সন্দৰ্ভত কৰা মন্তব্যকো চোকা সমালোচনা কৰে বৰাই।
ৰিপুন বৰা তুলুঙা কথাৰ ভঁৰালঃ সাংসদ পল্লৱ লোচন
Published on

'ৰিপুণ বৰা টুলুঙা মন্ত্যবৰ ভঁৰাল, তেওঁৰ এইটো পুৰণি স্বভাৱ। তেওঁ বিজেপি চৰকাৰ বিশৃংখল হোৱাটো বিচাৰে। যি মন যায় তাকে কয়। ভেটি নাইকীয়া কংগ্ৰেছৰ ৰিপুণ বৰাৰ কথাত এতিয়া আৰু কোনেও গুৰুত্ব নিদিয়ে", এই মন্তব্য তেজপুৰৰ বিজেপি সাংসদ পল্লৱ লোচন দাসৰ। উল্লেখ্য যে অলপতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে। সম্প্ৰতি বৰাক উভতি ধৰিছে সাংসদ দাসে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনক সমালোচনা কৰি সাংসদ দাসে কয় ৰিপুন বৰা জ্ঞান সমৃদ্ধ নেতা নহয় । সাংসদজনৰ মতে, কেৱল টুলুঙা কথাহে কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।

উল্লেখযোগ্য যে ক'ৰ'না মহামাৰীৰ সুযোগ লৈ বিজেপি চৰকাৰে নাটক কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই বিভিন্ন সময়ত চৰকাৰক সমালোচনা কৰি আহিছে। আনকি স্বাস্থ্য মন্ত্ৰী শৰ্মাই বিৰোধীক দৈনিক ১০০ কৈ গ'ল দিয়াৰ সন্দৰ্ভত কৰা মন্তব্যকো চোকা সমালোচনা কৰে বৰাই। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com