Begin typing your search above and press return to search.

জনপ্ৰিয় কমেডী অভিনেতা পৰেশ ৰাৱলক এন এছ ডিৰ অধ্যক্ষ নিযুক্তি

তদুপৰি ২০১৪ৰ পৰা ২০১৯লৈ তেওঁ এলাহাবাদ পূব সমষ্টিৰ সাংসদ আছিল।

জনপ্ৰিয় কমেডী অভিনেতা পৰেশ ৰাৱলক এন এছ ডিৰ অধ্যক্ষ নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-09-10T19:27:08+05:30

বলিউডৰ জনপ্ৰিয় কমেডী অভিনেতা পৰেশ ৰাৱলে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (এন এছ ডি)-ৰ অধ্যক্ষৰূপে নিযুক্তি লাভ কৰিছে ৷ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ৰামনাথ ক'ৱিন্দই যশস্বী অভিনেতীগৰাকীক এই সন্মানীয় পদত নিযুক্তি দিয়ে ৷ এই বাতৰি টুইটাৰত শ্বেয়াৰ কৰি কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে সু-অভিনেতাজনলৈ অভিনন্দন জনায়।

উল্লেখ্য যে বহুসংখ্যক বিপুল জনপ্ৰিয় ছবিত অভিনয় কৰি দৰ্শকৰ মনত নিগাজী আসন দখল কৰিবলৈ সক্ষম হোৱা ৰাৱলক ২০১৪ত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। কে'বাদশকজোৰা অভিনয় জীৱনত তেওঁ অনেক বঁটা-বাহন লাভ কৰিবলৈ সক্ষম হৈছে ৷

তদুপৰি ২০১৪ৰ পৰা ২০১৯লৈ তেওঁ এলাহাবাদ পূব সমষ্টিৰ সাংসদ আছিল। সম্প্ৰতি তেওঁ এন এছ ডিৰ অধ্যক্ষৰূপে নিযুক্তি লাভ কৰাত বহুসংখ্যক সতীৰ্থ অভিনেত্ৰীয়েও অভিনন্দন জনাইছে ৷

আৰু পঢ়িব পাৰেঃ কোকৰাঝাৰত হোম কোৱাৰেণ্টিনত থকা ক'ৱিড আক্ৰান্তৰ মৃত্যু

Next Story