মহিলা শিক্ষকক যৌন নিৰ্যাতন কৰাৰ অভিযোগত নগাঁৱৰ এডিপি মহাবিদ্যালয়ৰ অধ্যক্ষক গ্ৰেপ্তাৰ

নগাঁৱৰ এডিপি মহাবিদ্যালয়ৰ অধ্যক্ষ – ড০ সুৰজিৎ ভাগৱতীক মহাবিদ্যালয়খনৰ দুগৰাকী মহিলা শিক্ষকক যৌন নিৰ্যাতন কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
মহিলা শিক্ষকক যৌন নিৰ্যাতন কৰাৰ অভিযোগত নগাঁৱৰ এডিপি মহাবিদ্যালয়ৰ অধ্যক্ষক গ্ৰেপ্তাৰ
Published on

নগাঁৱৰ এডিপি মহাবিদ্যালয়ৰ অধ্যক্ষ – ড০ সুৰজিৎ ভাগৱতীক অসম আৰক্ষীয়ে তেওঁৰ ভগ্নীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল, য'ত তেওঁ আশ্ৰয় লৈ আছিল।

খবৰ অনুসৰি, অসমৰ নগাঁৱৰ এডিপি মহাবিদ্যালয়ৰ কমেও দুগৰাকী মহিলা শিক্ষকে অধ্যক্ষজনৰ বিৰুদ্ধে অপমান আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি পৃথক আৰক্ষী গোচৰ ৰুজু কৰিছিল।

আনহাতে, মহাবিদ্যালয়ৰ উদ্ভিদবিজ্ঞান বিভাগৰ প্ৰবক্তা পদৰ বাবে সাক্ষাৎকাৰত বহিবলৈ নিদিয়াৰ বাবে তেওঁক 'ব্লেকমেইল' কৰা বুলি অভিযোগ উত্থাপন কৰি ড০ ভাগৱতীয়ে মহিলা শিক্ষক দুগৰাকীৰ ভিতৰত এগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

ইফালে, অসমৰ নগাঁৱৰ এডিপি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিত ভাগৱতীক তাৎক্ষণিক ভাৱে নিলম্বনৰ অধীনত ৰখা হৈছে।

ড০ সুৰজিৎ ভাগৱতীক নিলম্বনৰ নিৰ্দেশ অসম উচ্চ শিক্ষা সঞ্চালক – ডি কে মিলিয়ে জাৰি কৰিছিল। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com