ক’ৰ’না প্ৰতিৰোধঃ উত্তৰ-পূবৰ বাবে ৫ কোটি ছেনিটাইজাৰ উৎপাদন-বিতৰণ আৰম্ভ

ক’ৰ’না প্ৰতিৰোধঃ উত্তৰ-পূবৰ বাবে ৫ কোটি ছেনিটাইজাৰ উৎপাদন-বিতৰণ আৰম্ভ

ক’ৰ’না প্ৰতিৰোধঃ উত্তৰ-পূবৰ বাবে ৫ কোটি ছেনিটাইজাৰ উৎপাদন-বিতৰণ আৰম্ভ। ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ বাবে ব্যৱহৃত ছেনিটাইজাৰ অসম আৰু উত্তৰ-পূবৰ বাবে বিশেষভাবে উত্পাদন কৰা হৈছে। এই কথা সদৰী কৰি আবকাৰী মন্ত্ৰী পৰিমল শূক্লবৈদ্যই কয় যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৫ কোটি ছেনিটাইজাৰ উৎপাদন আৰু বিতৰণৰ নিৰ্দেশ জাৰি কৰা হৈছে।

আবকাৰী বিভাগে এয়া সুনিশ্চিত কৰিছে যে স্বাস্থ্য বিভাগে বিচৰা অনুসৰি একোটা বটলত দুশ মিলিমিটাৰ থকা ৫ কোটি ছেনিটাইজাৰ উৎপাদন কৰা হ'ব। হেণ্ড ছেনিটাইজাৰ আৰু ফেচ মাস্কক অত্যাৱশ্যকীয় সামগ্ৰীৰূপে বিবেচনা কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱানে ছেনিটাইজৰত ব্যৱহৃত ৰাবিং এলকহলৰ দাম তিনি মাহৰ বাবে বৃদ্ধি নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। মন্ত্ৰী শুক্লবৈদ্যই কয় যে ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ঘটাৰ পিছত দেশত ফেচ মাস্ক আৰু ছেনিটাইজাৰৰ দাম অধিক বৃদ্ধি পাইছে। সেয়েহে চৰকাৰে টু প্লে, থ্ৰী প্লে আৰু ফেচ মাস্কৰ দাম নিৰ্ধাৰণ কৰি দিছে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত কাপোৰ ব্যৱহাৰৰ দ্বাৰা তৈয়াৰী টু প্লে আৰু থ্ৰী প্লে ছাৰ্জিকেল মাস্ক ১২ ফেব্ৰুৱাৰীৰ পৰা ৮ টকাৰ পৰা ১০ টকা নিৰ্ধাৰিত মূল্য কৰি দিছে।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী পাছোৱানে কয় যে ২০০ মিলিমিটাৰৰ হেণ্ড ছেনিটাইজাৰৰ একোটা বটলৰ দাম ১০০ টকা বান্ধি দিয়া হৈছে । এই নিয়ম চলিত বৰ্ষৰ ৩০ জুন‌লৈকে কাৰ্যকৰী হৈ থাকিব।

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com