শিলচৰত চিনাক্ত অসমৰ প্ৰথমজন ক’ৰ’না মহামাৰী আক্ৰান্ত

শিলচৰত চিনাক্ত অসমৰ প্ৰথমজন ক’ৰ’না মহামাৰী আক্ৰান্ত

শিলচৰত চিনাক্ত অসমৰ প্ৰথমজন ক’ৰ’না মহামাৰী আক্ৰান্ত

বৰাক উপত্যকাত চিনাক্ত হ’ল অসমৰ প্ৰথমজন ক’ৰ’না মহামৰী আক্ৰান্ত ৷ মঙলবাৰে এই উদ্বেগজনক বাৰ্তা প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি ক’ৰ’না মহামাৰীত আক্ৰান্ত এজন ব্যক্তি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ ৫২বছৰীয়া এই ব্যক্তিজনৰ অৱস্থা স্থিৰ আছে বুলি মন্ত্ৰীজনে সদৰী কৰে ৷ আনহাতে, এক সূত্ৰ অনুসৰি এই ব্যক্তিজনে গুৱাহাটীৰ হাতীগাঁও আৰু একাংশ চিকিৎসালয়লৈ গৈছিল ৷ ইপিনে, দিল্লীৰ নিজামুদ্দিন দৰগাহৰ শেহতীয়া জামাতত অসমৰো দুই শতাধিক ব্যক্তিয়ে অংশ লোৱাৰ তথ্য ৰাজ্য চৰকাৰৰ হাতত পৰিছে ৷ কিন্তু এই ব্যক্তিসকল ক’ত আছে, তাৰ তথ্য উদ্ধাৰ হোৱা নাই ৷ ইয়াকে লৈ অসমৰ লগতে সমগ্ৰ দেশত আতংক বিৰাজ কৰি আছে ৷ ইতিমধ্যে এই জামাতত অংশ লোৱা দেশৰ বিভিন্ন স্থানৰ কমেও সাতজন লোকৰ মৃত্যু হৈছে ৷ তদুপৰি চাৰি শতাধিক লোকৰ দেহত এই মহামাৰীৰ লক্ষণে দেখা দিছে ৷ আনহাতে, এক তথ্য অনুসৰি নিজামুদ্দিন দৰগাহৰ এই জামাতত দেশী-বিদেশী কমেও ১৭০০লোকে অংশ লৈছিল ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com