নিজামুদ্দিনলৈ যোৱা দুই শতাধিক লোকক আছুতীয়াকৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

নিজামুদ্দিনলৈ যোৱা দুই শতাধিক লোকক আছুতীয়াকৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
দেশজুৰি তোলপাৰ লগোৱা দিল্লীৰ নিজামুদ্দিন দৰগাহ কাণ্ডক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৷ যোৱা ১৩ৰ ১৫ মাৰ্চলৈ অনুষ্ঠিত নিজামুদ্দিন দৰগাহৰ জামাতত অংশ লোৱা ৰাজ্যৰ দুই লোকক আছুতীয়াকৈ ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰিছে ৷ কাৰণ এই জামাতত অংশ লোৱাৰ পাছতে দুই শতাধিক লোক ক’ৰ’না মহামাৰীত আক্ৰান্ত হৈছে ৷ তদুপৰি ১০জন মৃত্যুমুখত পৰিছে ৷ দেশৰ বিভিন্ন ৰাজ্যৰ দুই সহস্ৰাধিক লোকে এই জামাতত অংশ লৈছিল ৷ মঙলবাৰে মুখ্যমন্ত্ৰী সোণোৱাল
ক’ৰ'না প্ৰতিৰোধ সন্দৰ্ভত কোকৰাঝাৰত উপস্থিত হয় ৷ কোকৰাঝাৰৰ ছাই কমপ্লেক্সত হেলিকপ্টাৰেৰে অবতৰণ কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে পোনে পোনে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্য বিভাগৰ উচ্চপদস্থ্ বিষয়াবৰ্গৰ সৈতে মিলিত হৈ ক’ৰ'না প্ৰতিৰোধ প্ৰস্তুতিৰ বুজ লয় । ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰ আবৰ্ত ভৱনত উপস্থিত হৈ জিলা প্ৰশাসনৰ উচ্চপদস্থ্ বিষয়াবৰ্গৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰে ।
ইপিনে, সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে লকডাউন কাৰ্যসূচী সম্পূৰ্ণৰূপে মানি চলিবলৈ আহ্বান জনাইছে । অসমত বৰ্তমানলৈকে এজনো ক'ৰ'না পজিটিভ নাই বুলি তেওঁ মন্তব্য কৰে ৷
অন্য খবৰৰ বাবে পঢ়ক : লক-ডাউনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে শ্বেয়াৰ কৰিলে যোগ- ফিটনেছৰ ভিডিঅ
ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables