Begin typing your search above and press return to search.

লক-ডাউনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে শ্বেয়াৰ কৰিলে যোগ- ফিটনেছৰ ভিডিঅ

লক-ডাউনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে শ্বেয়াৰ কৰিলে যোগ- ফিটনেছৰ ভিডিঅ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 March 2020 7:24 AM GMT

লক-ডাউনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে শ্বেয়াৰ কৰিলে যোগ- ফিটনেছৰ ভিডিঅ।

সম্প্ৰতি সমগ্ৰ দেশ ক’ৰ’না মহামাৰীৰ গ্ৰাসত।‌এই সময়চোৱাত সমগ্ৰ দেশ জুৰি বলবৎ হৈ আছে লক-ডাউন। প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে নিজৰ ফিটনেছ চৰ্চা শ্বেয়াৰ কৰি কয় যে বহু বছৰৰ পৰা যোগাভ্যাস তেওঁৰ জীৱনৰ এক অংশ ।

এক টুইটৰ জৰিয়তে মোদীয়ে তেওঁৰ যোগৰ এনিমেটেড ভিডিঅ আপলোড কৰে যি ২০১৮ চনত ইউটিউবত আপলোড কৰা হৈছিল।

তেওঁ কয় যে মন-কী-বাত অনুষ্ঠানৰ দ্বাৰা কোনোৱে তেওঁক তেওঁৰ ফিটনেছ তথা শৰীৰ-চৰ্চাৰ বিষয়ে প্ৰশ্ন কৰিছিল। এনে কাৰণতে তেওঁ এই যোগ ভিডিঅ শ্বেয়াৰ কৰাৰ কথা চিন্তা কৰে বুলি কয়। লগতে তেওঁ কয়, " মই বিশ্বাস ৰাখো যে আপোনালোকে নিয়মিত ৰূপত যোগ অভ্যাস আৰম্ভ কৰিব "। তদুপৰি তেওঁ যোগচৰ্চাৰ এটা ভিডিঅ লিংক শ্বেয়াৰ কৰে। ইপিনে, দেশত ক’ৰ’না মহামাৰীৰ সংহাৰ অব্যাহত আছে। এই পৰ্যন্ত সহস্ৰাধিক লোক আক্ৰান্ত হোৱাৰ লগতে কমেও ২৫জন মৃত্যুমুখত পৰিছে।

মোদীয়ে কয় যে তেওঁ ফিটনেছ বিশেষজ্ঞ ও নহয় আৰু চিকিৎসা বিশেষজ্ঞ ও নহয়।

তেওঁ কয় যে " যোগ অভ্যাস‌ মোৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। ইয়াৰ পৰা লাভালাভো পাইছো। মোৰ বিশ্বাস যে ফিট থকাৰ বাবে আপোনালোকৰ ওচৰত বিভিন্ন উপায় আছে আৰু এই সমূহ‌ আপোনালোকেও শ্বেয়াৰ কৰিব পাৰে" ।

যোগ ভিডিঅ বিভিন্ন ভাষাত উপলব্ধ আছে বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে মঙ্গলবাৰে নিশা ১২ বজাৰ পৰা দেশত ২১ দিনৰ বাবে সম্পূৰ্ণ তলাবন্ধ কাৰ্যসূচী ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতকে ধৰি প্ৰায় সমগ্ৰ বিশ্বজুৰি ক’ৰ’না মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশজুৰি ঘোষণা কৰিলে লক-ডাউন। মঙ্গলবাৰে নিশা তেওঁ দেশবাসীক উদ্দেশি ক’ৰ’না মহামাৰীক লৈ দ্বিতীয়বাৰৰ বাবে বক্তব্য আগবঢ়ায়। এই ভাষণৰ সময়ত তেওঁ অহা ১৪ এপ্ৰিললৈকে সমগ্ৰ দেশব্যাপি তলাবন্ধ ঘোষণা কৰে।

ভাষণত তেওঁ দেশবাসীক আতংকিত নহ'বলৈও আহ্বান জনায় । অৱশ্যে এই তলাবন্ধৰ সময়ছোৱাত জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাসমূহ বন্ধ নহয়। খাদ্য-সামগ্ৰীৰ দোকান, পেট্ৰল পাম্প আদি খোলা থাকিব।

অন্য খবৰৰ বাবে পঢ়ক : সমাজিক সংগঠনসমূহক কোভিড-১৯ বিৰোধী যুঁজত‌‌ অন্তৰ্ভুক্ত হ’বলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Next Story
চাকৰি