Begin typing your search above and press return to search.

সমাজিক সংগঠনসমূহক কোভিড-১৯ বিৰোধী যুঁজত‌‌ অন্তৰ্ভুক্ত হ'বলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

সমাজিক সংগঠনসমূহক কোভিড-১৯ বিৰোধী যুঁজত‌‌ অন্তৰ্ভুক্ত হবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 March 2020 7:09 AM GMT

সমাজিক সংগঠনসমূহক কোভিড-১৯ বিৰোধী যুঁজত‌‌ অন্তৰ্ভুক্ত হ'বলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ। সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক কল্যাণ সংগঠন সমূহক আহ্বান‌ জনায় যে তেওঁলোকে যাতে মহামাৰী ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজত‌ চৰকাৰক সমৰ্থন কৰে।

ভিডিঅৰ মাধ্যমত সামাজিক সংগঠনসমূহৰ প্ৰতিনিধি সকলৰ লগত হোৱা কথা-বতৰাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সম্প্ৰতি দেশে এক অভূতপূৰ্ব সংকটৰ মুখামুখি হৈছে আৰু এনে ঘটনা আগতে সংঘটিত হোৱা নাছিল।

সংগঠনসমূহক উদ্দেশ্যি তেওঁ আৰু কয় যে এই জটিল সংকটৰ সময়ত দৰিদ্ৰ-নিচলাসকলৰ বাবে প্ৰয়োজনীয় খাদ্য-বস্তুৰ ব্যৱস্থা আৰু ৰোগী তথা আন প্ৰয়োজনীয় লোকক চিকিৎসাৰ সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

তেওঁ কয় যে এই প্ৰত্যাহ্বান মোকাবিলাৰ বাবে হ্ৰস্ব আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন।

বিশ্বাস আৰু আচাৰ-বিচাৰৰ নামত যিসকল লোকে সামাজিক দূৰত্বৰ নিয়মাৱলী মানি চলিবলৈ অস্বস্তি অনুভৱ কৰে, তেওঁ‌লোকক কু-সংস্কাৰ অন্ধবিশ্বাস আদি সমূহৰ বিষয়ে সজাগ হোৱাত সহায় কৰিবলৈ সংগঠনসমূহৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ‌দেশে কোভিড-১৯ ৰ মুখামুখি হোৱাৰ এই সময়ত ধৈৰ্য ধৰাৰ প্ৰয়োজন। এই ভাইৰাছত এতিয়ালৈকে ৩২ লোকৰ মৃত্যু আৰু প্ৰায় ১০০০ তকৈ অধিক লোক আক্ৰান্ত হৈছে।

জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰি তেওঁ কয় যে দৰিদ্ৰ লোকক সহায় আগবঢোৱাতো হৈছে সৰ্বোত্তম সেৱা। মোদীয়ে জনতাৰ সেৱাৰ বাবে বিভিন্ন সংগঠনৰ সেৱা সমূহক প্ৰশংসা কৰে।

তেওঁ লগতে কয় যে এই সংগঠন‌সমূহৰ তিনিটা বিশেষত্ব আছে মানৱীয় দৃষ্টিকোণ, ব্যাপক যোগাযোগ, আৰু মানুহৰ সৈতে সংযোগ ৰক্ষা কৰি চলে।

সামাজিক কল্যাণ সংগঠন সমূহে এই জটিল স্থিতিত প্ৰধান‌মন্ত্ৰী মোদীৰ নিপুনতাৰ শলাগ লয়। লগতে তেওঁলোকে ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

অন্য খবৰৰ বাবে পঢ়ক : ক’ৰ’না মহামাৰীঃ প্ৰধানমন্ত্ৰীৰ সাহায্য কোষলৈ ৰাষ্ট্ৰপতি ক’ৱিন্দৰ এমাহৰ দৰমহা

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Next Story
চাকৰি