Begin typing your search above and press return to search.

ক’ৰ’না মহামাৰীঃ প্ৰধানমন্ত্ৰীৰ সাহায্য কোষলৈ ৰাষ্ট্ৰপতি ক’ৱিন্দৰ এমাহৰ দৰমহা

ক’ৰ’না মহামাৰীঃ প্ৰধানমন্ত্ৰীৰ সাহায্য কোষলৈ ৰাষ্ট্ৰপতি ক’ৱিন্দৰ এমাহৰ দৰমহা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 March 2020 9:54 AM GMT

ক’ৰ’না মহামাৰীঃ প্ৰধানমন্ত্ৰীৰ সাহায্য কোষলৈ ৰাষ্ট্ৰপতি ক’ৱিন্দৰ এমাহৰ দৰমহা। ক্ৰমে বিশ্বত অধিক জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে ক’ৰ’না মহামাৰীয়ে। বিশ্বৰ লগতে ভাৰতবৰ্ষতো দিনকদিনে বৃদ্ধি পাইছে ক’ৰ’না মহামাৰীৰ সংহাৰ। নিতৌ বৃদ্ধি পাইছে এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ সংখ্যা। বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠান তথা পুঁজিপতি আৰু বিভিন্ন ক্ষেত্ৰৰ বিখ্যাত ব্যক্তিয়ে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও প্ৰধানমন্ত্ৰীৰ নৱগঠিত পি এম কেয়াৰ ফাণ্ড(PM CARES Fund) লৈ নিজৰ এমাহৰ দৰমহা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে । লগতে ৰাষ্ট্ৰপতিয়ে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলোকে সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে।

আনহাতে, এটা চৰকাৰী সংস্থাৰ মতে, পি এম কেয়াৰ ফাণ্ডৰ জড়িয়তে অন্ততঃ ৫০০ কোটি টকা সংগ্ৰহৰ লক্ষ্য লোৱা হৈছে। ইতিমধ্যে আদানী ফাউণ্ডেশ্যনে এই পুঁজিলৈ ১০০ কোটি টকা সাহায্য আগবঢ়াইছে। টি-ছিৰিজৰ হনছো ভূষন কুমাৰে ১১ কোটি টকা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ইপিনে, ৰেল মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে তেওঁ আৰু সকলো ৰেলৱে কৰ্মচাৰীয়ে ১৫১ কোটি টকাৰ সাহায্য প্ৰদান কৰিব ।

একেদৰে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰণ ৰিজুৱে কয় যে তেওঁ প্ৰধান মন্ত্ৰীৰ সাহায্য কোষলৈ ১ কোটি টকাৰ সাহায্য আগবঢ়াব । ইতিমধ্যে প্ৰাক্তন ক্ৰিকেট তাৰকা তথা লোকসভা সাংসদ গৌতম গম্ভীৰে ও ১ কোটি টকা প্ৰদান কৰিছে ।

তলত প্ৰধানমন্ত্ৰীৰ সাহাৰ্য কোষৰ একাউণ্টৰ সবিশেষ

Account details of PM CARES Fund

Name of the Account: PM CARES

Account Number: 2121PM20202

IFSC Code: SBIN0000691

SWIFT Code: SBININBB104

Name of Bank & Branch: State Bank of India, New Delhi Main Branch

UPI ID: pmcares@sbi

Following modes of payments are available on the website pmindia.gov.in:

  1. Debit Cards and Credit Cards
  2. Internet Banking

3.UPI (BHIM, PhonePe, Amazon Pay, Google Pay, PayTM, Mobikwik, etc.)

  1. RTGS/NEFT

Donations to this fund will be exempted from income tax under section 80(G).

অন্য খবৰৰ বাবে পঢ়ক : ক’ৰ’নাৰ বিৰুদ্ধে যুঁজঃ সকলো‌ সত্ৰ-নামঘৰত বন্তি প্ৰজ্বলনৰ আহ্বান‌ অসম সত্ৰ মহাসভাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Next Story
চাকৰি