Begin typing your search above and press return to search.

 ক’ৰ’নাৰ বিৰুদ্ধে যুঁজঃ সকলো‌ সত্ৰ-নামঘৰত বন্তি প্ৰজ্বলনৰ আহ্বান‌ অসম সত্ৰ মহাসভাৰ

 ক’ৰ’নাৰ বিৰুদ্ধে যুঁজঃ সকলো‌ সত্ৰ-নামঘৰত বন্তি প্ৰজ্বলনৰ আহ্বান‌ অসম সত্ৰ মহাসভাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 March 2020 7:23 AM GMT

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজঃ সকলো‌ সত্ৰ-নামঘৰত বন্তি প্ৰজ্বলনৰ আহ্বান‌ অসম সত্ৰ মহাসভাৰ

সম্প্ৰতি সমগ্ৰ বিশ্ব‌ ক’ৰ’না মহামাৰীৰ গ্ৰাসত । ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে চৰকাৰে সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে এই মহামাৰীৰ বিৰুদ্ধে অসম সত্ৰ মহাসভাই ৰাজ্যৰ সকলো সত্ৰ,নামঘৰলৈ অনুৰোধ জনাইছে যে তেওঁলোকে যাতে সদায় মাটিৰ চাকি প্ৰজ্বলন কৰি বিশ্বক ৰোগমুক্ত কৰা আৰু বিশ্বস্তৰত শান্তি বজাই ৰখাৰ বাবে ভগবানক প্ৰাৰ্থনা জনায়। অসম সত্ৰ মহাসভাই কয় যে ৰাইজে ক’ৱিড-১৯ৰ বিৰুদ্ধে চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনাৰ আবেষ্টনীত কৰিব লাগে। তদুপৰি পত্ৰ মহাসভাই ৰাজ্যবাসীক ঘৰৰ ভিতৰত সোমাই থাকি এই ভয়াবহ ভাইৰাছ ৰোধৰ বাবে আহ্বান জনায় ।

এই অতি সংক্ৰামক ভাইৰাছ প্ৰতিৰোধৰ উদ্দেশ্য ৰাজ্য চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি মন্দিৰত সাৰ্বজনীন সমাৰোহ,মন্দিৰ, মছজিদ,গীৰ্জা ঘৰ আদিকে ধৰি আন‌ ধৰ্মীয় স্থানসমূহত প্ৰতিবন্ধকতা আৰোপিত হৈছে। এই নীতি-নিৰ্দেশনা অনুসৰি মাত্ৰ তিনিজন ভক্তই তেওঁলোকৰ দৈনন্দিন কাম-কাজসমূহ পৰিচালনা কৰিব পাৰে।

অসম সত্ৰ মহাসভাৰ সাধাৰণ সম্পাদক কুসুম কুমাৰ‌ মহন্তই দা ছেন্টিনেলৰ আগত কয়, ”ক’ৱিড-১৯-ৰ নীতি-নিৰ্দেশনা সকলোৱে পালন কৰিবই লাগিব। কোনো লোকে বিনা কাৰণত ঘৰৰ এখোজ বাহিৰ হোৱা উচিত নহয়। আমি তেওঁলোকক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনালো যাতে ৰোগ মুক্ত হৈ থাকে‌ আৰু আনকো ভাল স্বাস্থ্য প্ৰদান কৰে।‌যদি এতিয়া আমি অলপ ধৈৰ্য ধৰিব পাৰো‌ তেন্তে ভাইৰাছক ৰোধ কৰি সাধাৰণ জীৱন শৈলীলৈ উভতি আহিব‌ পাৰো"।

লগতে মহন্তই কয় যে " চিকিৎসক আৰু চিকিৎসাৰ লগত জড়িত আন লোকসকলে চিকিৎসা বিজ্ঞানৰ জৰিয়তে এই ভাইৰাছৰ‌‌ বিৰুদ্ধে যুঁজ দি আছে আৰু আমিও সজাগতা আৰু প্ৰাৰ্থনাৰ জৰিয়তে এই ভাইৰাছৰ‌ বিৰুদ্ধে যুঁজিব পাৰো "। মহন্তই ৰাজ্যৰ সকলো সত্ৰ-নামঘৰকে এই ভাইৰাছৰ বিৰুদ্ধে আৰু বিশ্ব শান্তিৰ অৰ্থে মাটিৰ চাকি জ্বলাই প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়। লগতে এই কাম দুজন‌ বা তিনিজন লোকৰ দ্বাৰা সম্পন্ন কৰাবলৈ তেওঁ আহ্বান জনায়। উল্লেথ্য যে বিশ্বজোৰা এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাজ্যৰ বহু সত্ৰই ৰাজকোষলৈ বৰঙণি আগবঢ়াইছে।

অন্য খবৰৰ বাবে পঢ়ক : ক’ৰ’না আতংক: দিছপুৰে মুক্তি দিলে ৪০০ কাৰাবন্দীক

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Next Story
চাকৰি