Begin typing your search above and press return to search.

ক’ৰ’না আতংক: দিছপুৰে মুক্তি দিলে ৪০০ কাৰাবন্দীক

ক’ৰ’না আতংক: দিছপুৰে মুক্তি দিলে ৪০০ কাৰাবন্দীক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 March 2020 7:08 AM GMT

ক’ৰ’না আতংক: দিছপুৰে মুক্তি দিলে ৪০০ কাৰাবন্দীক। সমগ্ৰ বিশ্বজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহামাৰী ক’ৰ’নাই ।‌ অসম চৰকাৰে এতিয়ালৈকে ৰাজ্যৰ বিভিন্ন স্থানৰ কাৰাগাৰৰ ৪০০ কাৰাবন্দীক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে মুক্তি দিছে। যোৱা ১৬ মাৰ্চত উচ্চতম ন্যায়ালয়ে ক’ৱিড -১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশজুৰি জনাকীৰ্ণ কাৰাগাৰসমূহৰ বিষয়ে আলোচনা কৰে । ন্যায়ালয়ৰ মতে কাৰাগাৰৰ ভিতৰত সামাজিক দূৰত্ব সম্ভৱ নহয়।

গতিকে ন্যায়ালয়ে সাতবছৰ বন্দী হৈ থকা কয়দীসকলক সাময়িকভাৱে ( পেৰ’লত) মুক্তি দিবলৈ ৰাজ্য চৰকাৰসমূহলৈ নিৰ্দেশ জাৰি কৰে। এই নিৰ্দেশ জাৰি কৰি ন্যায়ালয়ে কয় যে যিসকল লোকক অপৰাধৰ বাবে দোষী ঘোষণা কৰা হৈছিল আৰু সাত বছৰৰ কাৰাদণ্ড বিহা হৈছিল তেওঁলোকক পেৰ’ল দিব পৰা যায় ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত ৰাজ্যৰ কাৰাগাৰত আবদ্ধ কয়দীসকল‌ মুক্তিৰ বাবে এক উচ্চস্তৰীয় কমিটি গঠন কৰে চৰকাৰে। কমিটীৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰে বৰ্তমানলৈকে ৪০০ কয়দীক সাময়িকভাবে মুক্তি দিছে । শনিবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ১৫ জন‌ কয়দী আৰু দেওবাৰে ৪১ জন কয়দীক মুক্তি প্ৰদান কৰে।

উল্লেখ্য যে অসমত ৩১ খন‌ কাৰাগাৰ আছে। ইয়াৰে ৬ খন কেন্দ্ৰীয় কাৰাগাৰ ,২২ খন জিলা কাৰাগাৰ, ১ খন উপ-কাৰাগাৰ, ‌১ খন মুক্ত কাৰাগাৰ, এখন বিশেষ কাৰাগাৰ আছে তদুপৰি এই কাৰাগাৰসমূহত অবৈধ অনুপ্ৰবেশকাৰীৰ বাবে ৬ টা ডিটেনচন‌ কেন্দ্ৰ আছে য'ত ৮,২৫৭ জন‌ কয়দী আবদ্ধ হৈ আছে।

ইয়াৰোপৰি এই কাৰাগাৰ সমূহত অবৈধ অনুপ্ৰবেশকাৰীৰ বাবে ৬ টা ডিটেনচন‌ কেন্দ্ৰ আছে য'ত ৮৩৪ জন লোক আছে।

অন্য খবৰৰ বাবে পঢ়ক : সাৱধান হওকঃ কেৰালাত প্ৰথমজন ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ মৃত্যু

ভিডিঅ প্ৰতক্ষ্য কৰক: Hagrama Mohilary organizes a press-meet on Coronavirus situation and distribution of Rations

Next Story
চাকৰি